শুকুৰবাৰে পুৱতি নিশা যোৰহাট আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ কুখ্যাত ড্ৰাগছ মাফিয়া ৰমেশ বাছফৰ । ভৰিত আঘাতপ্ৰাপ্ত ড্ৰাগছ পচা ওৰফে ৰমেশ বাছফৰক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে ৷
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায়ৰ লগতে জুৱাৰ সৈতে জড়িত হৈ আছিল পচা ওৰফে ৰমেশ ৷ বৃহস্পতিবাৰে ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ ল’জত আত্মগোপন কৰি থকা অৱস্থাতে যোৰহাট আৰক্ষীয়ে আটক কৰিছিল পচা ওৰফে ৰমেশক ৷
ইপিনে ধুবুৰীৰ পৰা যোৰহাট লৈ আনি থকা অৱস্থাত যোৰহাটৰ পানিচকুৱাত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলায় মাফিয়া পচাই ৷ ইয়াৰ লগে লগে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় । সোঁ ভৰিৰ আঁঠুৰ তলত আঘাতপ্ৰাপ্ত পচাক ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত ৷
উল্লেখ্য যে, বিগত বহু বছৰ ধৰি পচা ওৰফে ৰমেশ বাছফৰে জুৱা আৰু ড্ৰাগছৰ এখন কলা সম্ৰাজ্য চলাই আহিছিল । যাৰ ফলত উপায় বিহীন হৈ হৰিজন কলনিৰ ৰাইজে পচাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল ৷
ৰাইজৰ প্ৰতিবাদৰ পাছতেই পচা ওৰফে ৰমেশ বাচফৰৰ সৈতে আন ৫ জনক আটক কৰিছিল যোৰহাট আৰক্ষীয়ে ৷