দৈনন্দিন জীৱনত ব্যস্ততা বৃদ্ধি পোৱাৰ লগে লগে, শৰীৰৰ প্ৰতি মনোযোগ দিয়াৰ প্ৰয়োজনীয়তাও বৃদ্ধি পায়। বিশেষকৈ যিসকলে নিয়মীয়াকৈ কৰ্মত ব্যস্ত হৈ থাকিব লগীয়া হয়, তেওঁলোকে ব্যায়াম কৰিবলৈ সময় উলিয়াব নোৱাৰে। প্ৰায় ভাগ সময়তে বাহিৰৰ খাদ্যৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। বিশেষজ্ঞসকলৰ মতে, যদি আপুনি বহুসময় ধৰি বহি থাকে তেতিয়াও পাকস্থলীত চৰ্বি জমা হোৱাৰ সম্ভাৱনা দ্ৰুতগতিত বৃদ্ধি পায়।
যদি আপুনি খোজ নাকাঢ়ে বা নিয়মিত ব্যায়াম নকৰে, তেন্তে আপোনাৰ ওজন সোনকালে বৃদ্ধি হ’ব। সেয়ে, বিশেষজ্ঞসকলে সপ্তাহত কমেও ৪ দিন ব্যায়াম কৰা আৰু পাঁচ দিন ৩০ মিনিট সময় হলেও খোজ কাঢ়িবলৈ পৰামৰ্শ প্ৰদান কৰে।
পুষ্টিবিদসকলৰ মতে, দৈনিক আহাৰত কম কেলৰিযুক্ত খাদ্য গ্ৰহণ কৰিলে ওজন দ্ৰুতগতিত হ্ৰাস হ’ব। ইয়াৰ বাহিৰেও খাদ্য সোনকালে হজম কৰাত সহায় কৰা প্ৰকাৰৰ খাদ্য দৈনিক খাব লাগে। তেনে খাদ্যৰ ভিতৰত এটা হৈছে- পিয়াজ।
পিঁয়াজে কেনেদৰে দ্ৰুতভাৱে ওজন হ্ৰাস কৰাত সহায় কৰে? আপুনি জানেনে?
১) পিঁয়াজত কোৱাছেটিন নামৰ এটা বিশেষ উপাদান আছে। এই উপাদানে সোনকালে ওজন হ্ৰাস কৰাত সহায় কৰে।
২) পিয়াজত যথেষ্ট আঁহ থাকে। এক কাপ পিয়াজত তিনি গ্ৰাম আঁহ থাকে। এই আঁহে সোনকালে খাদ্য হজম হোৱাত সহায় কৰে।
৩) একাপ পিঁয়াজত ৬৪ কেলৰি থাকে। কেলৰিৰ স্তৰ ইমান কম, আনকি আপুনি অত্যাধিক খালেও, শৰীৰৰ কোনো ক্ষতি নহ’ব।