গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন ২০২২ লৈ মাজত মাথো কেইদিনমান বাকী । শাসক-বিৰোধীকে ধৰি ইতিমধ্যে তুংগত উঠিছে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ। সকলো ৰাজনৈতিক দলে পৌৰ নিগমখন নিজৰ দখলত আনিবলৈ উঠি-পৰি লাগিছে ।
কেৱল ৰাজনৈতিক নেতাই নহয়, একেদিনাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চাৰিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক বিপুল ভোটত জয়যুক্ত কৰিবলৈ ৰাইজক উদ্দেশ্যি আহ্বান জনায় । সোমবাৰে গুৱাহাটীৰ খানাপাৰা খেলপথাৰত আয়োজিত এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৰণডংকা বজালে মুখ্যমন্ত্ৰী শৰ্মাই ৷
এই নিৰ্বাচনী সভাতে তেওঁ কয় যে, গুৱাহাটী মহানগৰবাসীৰ সুবিধাৰ্থে বিজেপি চৰকাৰে আন্তঃগাঁথনিৰ উন্নীতকৰণ, খোৱাপানীৰ ব্যৱস্থাৰ সূচলকৰণ, উন্নত স্বাস্থ্য সেৱা, যাতায়াত ব্যৱস্থাৰ বিকাশকে ধৰি কেতবোৰ গুৰুত্বপূর্ণ দিশত অবিৰতভাৱে কাম কৰি আছে ৷ এইক্ষেত্ৰত ৰাইজৰ প্ৰতি সম্পূর্ণৰূপে দায়বদ্ধ বিজেপি ।
আনহাতে, প্ৰতিটো ৱাৰ্ডৰ ৰাষ্টা-ঘাট মেৰামতি কৰিবৰ বাবে ১০ কোটিৰ পুজি আৱণ্টন দিয়া হ’ব বুলি সদৰি কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷ প্ৰতিটো ৱাৰ্ডত থাকিব এখনকৈ চিকিৎসালয় । তাৰ ভিতৰত ৩০ খন চিকিৎসালয়ৰ নিৰ্মাণকাৰ্য শীঘ্ৰেই আৰম্ভ কৰা হ’ব ।
উল্লেখ্য যে, গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ক্ৰমে ৪১ নম্বৰ ৱাৰ্ডৰ বাসন্তী দুৱৰা কলিতা, ৪২ নম্বৰ ৱাৰ্ডৰ ৰুমী কলিতা, ৪৩ নম্বৰ ৱাৰ্ডৰ অঞ্জনা বৰা, ৪৪ নম্বৰ ৱাৰ্ডৰ সত্যেন্দ্ৰনাথ ভট্টাচাৰ্য, ৪৫ নম্বৰ ৱাৰ্ডৰ মাধৱী তালুকদাৰ, ৪৬ নম্বৰ ৱাৰ্ডৰ আশিস ভৰালী, ৪৭ নম্বৰ ৱাৰ্ডৰ প্ৰফুল্ল মহন্ত, ৪৮ নম্বৰ ৱাৰ্ডৰ গুৰুমণি কাকতি, ৫৯ নম্বৰ ৱাৰ্ডৰ অসীম শইকীয়া, ৬০ নম্বৰ ৱাৰ্ডৰ ভূপেন বৰুৱাৰ বাবে প্ৰচাৰ চলাই বিপুল ভোটত জয়যুক্ত কৰাৰ বাবে ৰাইজক আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।
সোমবাৰে অনুষ্ঠিত এই নিৰ্বাচনী সভাত মন্ত্ৰী যোগেন মহন, কেশৱ মহন্ত, ডাঃ ৰণোজ পেগু, সাংসদ কামাখ্যা প্ৰসাদ তাছা, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, বিধায়ক অতুল বৰা, নৱ দলে, আঙুৰলতা ডেকা ধৰি বহুকেইগৰাকী মন্ত্ৰীৰ উপৰিও শীৰ্ষ বিজেপি নেতা-নেত্ৰী উপস্থিত থাকে ।