১৯৯৪ চনৰ এছিয়ান চুইমিং প্ৰতিযোগিতাত দুটা স্বৰ্ণসহ ছয়টা পদক জয়েৰে অভিলেখ গঢ়া এলভিছ আলী হাজৰিকাই এইবাৰ ‘ইণ্ডো-আৰবিয়ান গেটৱে চুইম’ নামেৰে ১৬৮ কিল’মিটাৰ দৈঘ্য সাঁতোৰাৰ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰিছে ।
চলিত বৰ্ষৰ ৮ মাৰ্চৰ পৰা ১০ মাৰ্চলৈ প্ৰায় আঢ়ৈ দিন একেৰাহে সাতুৰিব দুঃসাহসিক সাঁতোৰবিদ গৰাকীয়ে । উল্লেখযোগ্য যে,এলভিছৰ এই সাঁতোৰৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য হৈছে সাগৰ আৰু নদীৰ পানী প্ৰদূষণৰ বিষয়ে সজাগতা সৃষ্টি কৰা ।
ক্ৰীড়া ভাৰতী অসম প্ৰদেশৰ সহযোগত এই প্ৰত্যাহ্বানমূলক সাঁতোৰত অংশ ল’ব এলভিছ আলী হাজৰিকাই । এই সাঁতোৰত এলভিছ আলী হাজৰিকাক সহযোগ কৰিব মহাৰাষ্ট্ৰৰ সাঁতোৰবিদ গণেশ পালাণ্ডে আৰু পশ্চিমবংগৰ ৰিমো ছাহাই ।
আৰৱ সাগৰৰ ১৬৮ কিলোমিটাৰ বৃত্তাকাৰ চাপ, এষ্টুৱেৰিন, ভাচাই আৰু পানভেল ক্ৰীক আৱৰি উলহাচ, কাচাৰ্ডি আৰু কালুন্দ্ৰে নদীক সংযোগ কৰি এই সাঁতোৰ সমাপ্ত হ’ব । এয়া এক প্ৰত্যাহ্বানমূলক সাঁতোৰ বুলি উল্লেখ কৰে তেওঁ।
উল্লেখ্য যে, এলভিছে ১৯৮৯ চনত সাত বছৰ বয়সত চাব-জুনিয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰত ৰূপৰ পদক লাভ কৰিছিল ।