- ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত তিনিচুকীয়াত বস্তাই বস্তাই উদ্ধাৰ গুলীৰ খালি কাৰ্টিজ।
- তিনিচুকীয়াৰ এটা ডেম্পত উদ্ধাৰ হোৱা গুলীৰ খালি কাৰ্টিজক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
- তিনিচুকীয়াৰ উপ-আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰাৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই খালী কাৰ্টিজৰ উপৰিও উদ্ধাৰ কৰে কেইবা জাইও সক্ৰিয় গুলী।
- জানিবলৈ পোৱা মতে, গুলীৰ কাৰ্টিজ সমূহ ডেম্পটোত অবৈধভাৱে জমা কৰি ৰাখিছিল।
- অভিযানটোত জব্দ হৈছে ১৯ বস্তা গুলীৰ খালী কাৰ্টিজ আৰু কেইবাটাও সক্ৰিয় গুলী।
- তিনিচুকীয়া আৰক্ষীয়ে ইতিমধ্যে ডেম্পটোৰ স্বত্ত্বাধিকাৰী বিৰেন্দ্ৰ শ্বাহক আটক কৰিছে।
- ঘটনা সংক্ৰান্তত ইতিমধ্যে তদন্ত আৰক্ষীয়ে আৰম্ভ কৰিছে।