আমাক বহুত প্ৰতাৰণা কৰিলে জিলা কংগ্ৰেছে । এই ক্ষোভ একাংশ প্ৰাক্তন কংগ্ৰেছ কৰ্মীৰ । বিশ্বনাথ ঘাটত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টীৰ বিশ্বনাথ গ্ৰাম্য মণ্ডলৰ যোগদান কাৰ্যসূচীত সৃষ্টি হৈছে এই পৰিস্থিতিৰ। বিশ্বনাথত অব্যাহত আছে কংগ্ৰেছ দলত খহনীয়াৰ ধাৰা । এটাৰ পিছত আনটো অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে বিজেপি দলত যোগদান কৰাৰ কাৰ্যসূচী । সমান্তৰালকৈ এইবাৰ বিশ্বনাথ গ্ৰাম্য মণ্ডলৰ উদ্যোগত বিশ্বনাথ ঘাট নাট্য মন্দিৰৰ প্ৰাংগণত প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে ।
এসময়ৰ প্ৰাক্তন মন্ত্ৰী নুৰজামাল চৰকাৰৰ দূৰ্গ হিচাপে পৰিচিত বিশ্বনাথ ঘাটৰ অধিকাংশ ভোটাৰ কংগ্ৰেছী হিচাপে চিহ্নিত আছিল কিন্তু সময় বাগৰাৰ লগে লগে সলনি হ’ল সকলো ৰাজনীতিৰ ৰণ কৌশল । কংগ্ৰেছৰ দূৰ্গ এতিয়া ক্ৰমান্বয়ে পৰিণত হৈছে বিজেপিৰ শিবিৰত । কাৰণ ক্ষোভ আৰু আক্ষেপ ব্যক্ত কৰি উদ্যাক্ত মনোভাৱ প্ৰকাশ কৰিলে জিলা কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে । এক কথাত কবলৈ গলে যেন এতিয়া কংগ্ৰেছ শূণ্যৰ দিশে ধাবমান হৈছে বিশ্বনাথ সমষ্টিত ।
২৮ বছৰ কাল ভাৰতীয় জাতীয় কংগ্ৰেছত নিজৰ ত্যাগ আৰু ৰাজনীতি কৰি অহা লোকক প্ৰতাৰণা কৰাৰ অভিযোগ বৰ্তমানৰ এইসকল প্ৰাক্তন কংগ্ৰেছী তথা ন বিজেপি কৰ্মীৰ । যাৰ ফলত আজি বিশ্বনাথৰ ছোৱাগুৰী গাওঁ পঞ্চায়ত, পানীভৰাল গাওঁ পঞ্চায়ত, আৰু বিশ্বনাথ ঘাট পঞ্চায়তৰ অন্তৰ্গত বহু সংখ্যক কংগ্ৰেছ কৰ্মীয়ে আনুষ্ঠানিক ভাৱে যোগদান কৰে ভাৰতীয় জনতা পাৰ্টীত ।
বিশ্বনাথ গ্ৰাম্য মণ্ডলৰ সভাপতি প্ৰাণোদিপ্ত ৰাজখোৱাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথ বিধান সভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ , জিলা পৰিষদৰ সদস্য সত্যেন্দ্ৰ হাজৰিকা, বিশ্বনাথ ঘাট পঞ্চায়তৰ সভাপতি হৰিনন্দ দাস, কিচান মৰ্চাৰ ৰাজ্যিক সম্পাদক ভাস্কৰ হাজৰিকা, ভাৰতীয় জনতা পাৰ্টীৰ বিশ্বনাথ জিলাৰ সাধাৰন সম্পাদক সূজিত ভুমিজ, সম্পাদক প্ৰাঞ্জল গোস্বামী, লগতে সমাজ কৰ্মী জিতু বৰা, মিলন বৰা, কন্দৰ্প হাজৰিকাৰ লগতে বিশ্বনাথ গ্ৰাম্য মণ্ডলৰ দলিয় কৰ্য্যকৰ্তা সকল ।