বিহু অসমৰ বাপতি সাহোন । হেপাঁহৰ ৰঙালী প্ৰাণৰ ৰঙালী । ৰঙালী বুলিলেই কুলিৰ মাতত নাহৰৰ সুবাসত মতলীয়া হৈ পৰে সকলো । বহাগ বিহু বা ৰঙালী বিহু আমাৰ জাতিৰ আয়ুস ৰেখা ।
বসন্তৰ আগমনত প্ৰথমজাক বৰষুণ পৰাৰ লগে লগেই প্ৰকৃতি ঋতুমতী হৈ উঠে । ন কুঁহিপাতে জীপাল কৰে চৌপাশ ।
উল্লেখ্য যে, চত মাহৰ সংক্ৰান্তিৰ পৰা বহাগ বিহু আৰম্ভ হৈ বহাগৰ ছয় দিনলৈ সাত বিহু হিচাপে মুঠ সাত দিনলৈ বিহু পালন কৰা হয় । এই মুঠ সাত দিনৰ প্ৰত্যেক তোৰে একোটাকৈ সুকীয়া সুকীয়া নাম আছে ।
সেইবোৰ হল –
অসমীয়া মাহৰ
৩০ চ’ত : গৰু বিহু ।
১ বহাগ : মানুহ বিহু ।
২ বহাগ : গোসাই বিহু ।
৩ বহাগ : তাঁতৰ বিহু ।
৪ বহাগ : নাঙলৰ বিহু ।
৫ বহাগ : জীয়ৰী বা চেনেহী বিহু।
৬ বহাগ : চেৰা বিহু ।
গৰু বিহু
ব’হাগ বিহুৰ প্ৰথম দিনটো অৰ্থাৎ চ’তৰ সংক্ৰান্তিৰ দিনা অসমীয়া জন-জীৱনৰ কৃষিকৰ্মৰ প্ৰধান সম্বল গৰুৰ নামত উছৰ্গা কৰি ‘গৰু বিহু’ হিচাপে পালন কৰা হয়। ৰাতিপুৱাই গৰু-ম’হক মাহ-হালধিৰে নোৱাই, কপালত ফোঁট দি দীঘলতী আৰু মাখিয়তীৰ ঠাৰিৰে কোবাই ওচৰৰে নৈ,বিল বা পুখুৰীলৈ নি সমূহীয়াভাৱে গা ধুৱায় আৰু লাউ, বেঙেনা, থেকেৰা,হালধি, কেতুৰি আদি গালৈ দলিয়াই এইদৰে গোৱা হয়-
“ লাউ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা।
মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু।”
এনে কৰিলে গৰুৰ শ্ৰীবৃদ্ধি হয় বুলি লোকবিশ্বাস আছে। গা ধুওৱাৰ পাছত গৰুবোৰক মুকলিকৈ পথাৰত চৰিবলৈ এৰি দিয়া হয় । গধূলি গৰু ঘৰলৈ ঘূৰি অহাৰ সময়ত পদূলিৰ পৰা গোহালিলৈকে খেৰ, তুঁহ, দীঘলতি, মাখিয়তী, বিহলঙনী আৰু অন্যান্য বন-পাত জ্বলাই ‘যাগ’ দিয়া হয়। যাগৰ ধোঁৱাই গৰু-ম’হক মহ-ডাঁহৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰাৰ উপৰিও অপদেৱতাক খেদি পঠাই বুলি সহজ-সৰল চহালোকে বিশ্বাস কৰে। গৰু গোহালিত সোমালে আদৰ-সাদৰ কৰি লুণীয়া পিঠা আদি খাবলৈ দিয়া হয় আৰু ডিঙিত নতুন পঘা দিয়া হয়। তাৰ পিছত মাখিয়তীৰ পাতেৰে বিচি দি এইদৰে গোৱা হয়-
“মাখিয়তীৰ মাখিপাত, মাখি মাৰোঁ জাত জাত।”
এনে কৰিলেও বছৰটোলৈ মহ-ডাঁহৰ উপদ্ৰৱৰ পৰা হাত সাৰি থাকিব পাৰি। ইপিনে আমাৰ সমাজত সেইদিনাৰ পৰাহে বিচনীৰ ‘বা’ লোৱা নিয়ম ।
মানুহ বিহু
গৰু বিহুৰ পাছদিনা মানুহ বিহু পালন কৰা হয় । পহিলা ব’হাগ বা মানুহ বিহুৰ দিনা পুৱা মাহ-হালধীৰে গা-পা ধুই সৰুৱে ডাঙৰক সেৱা কৰে। ডাঙৰে সৰুক আশীৰ্বাদ দিয়াৰ উপৰিও বিহুৰ উপহাৰ দিয়ে। নতুন বছৰ উপলক্ষে অসমীয়া সমাজত আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ মাজত গামোচা, নতুন কাপোৰ বা আন উপহাৰৰ আদান-প্ৰদান হয়। এনে উপহাৰকে ‘বিহুৱান’ বোলে। ‘বিহুৱান’ বুলিলে সাধাৰণতে গামোচাকে বুজায় যদিও বিহু উপলক্ষে দিয়া প্ৰায়বোৰ উপহাৰকে ‘বিহুৱান’ আখ্যা দিয়া হয়।
আমাৰ সমাজত বিহুৱানৰ এক সুকীয়া মৰ্যাদা আৰু সন্মান আছে। নতুন বছৰটো যাতে কোনো বিপদ-বিঘিনি নোহোৱাকৈ ধুমুহা-বৰষুণ, জ্ৰপাত আদিৰ পৰা ৰক্ষা পৰি সুখ-শান্তিৰে কটাব পাৰি তাৰ বাবে নতুন বছৰটোৰ প্ৰথম দিনাই দৈৱজ্ঞৰ হতুৱাই নাহৰ পাতত তলৰ মন্ত্ৰটি লিখি দুৱাৰ মুখত বা ঘৰৰ চালত গুজি থোৱাৰ নিয়ম-
“ দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ
বাত বৃষ্টি হৰংদেৱ মহাদেৱ নমস্তুতে ” ।
গোসাঁই বিহু
ৰঙালী বিহু বা ব’হাগ বিহুৰ তৃতীয় দিনা গোসাঁই বিহু পালন কৰা হয় । সেইদিনা গাঁৱৰ ৰাইজৰ মাজত ৰাজহুৱা নামঘৰত নাম-প্ৰসঙ্গ আদি হয় কৰা ।
তাঁতৰ বিহু
অসমীয়া জনজীৱনৰ হেপাঁহৰ সম্পদ ‘তাঁতশাল’। সেয়ে বিহুৰ চতুৰ্থ দিনা ‘তাঁতৰ বিহু’ হিচাপে পালন কৰা হয় ।
নাঙল বিহু
অসমীয়া জনজীৱনৰ আদৰৰ কৃষিকৰ্মৰ মূল সম্পদ নাঙল সেয়েহে পঞ্চম দিনা কৃষিকৰ্মৰ মূল সঁজুলি ‘নাঙলৰ বিহু’ হিচাপে পালন কৰা হয় ।
জীয়ৰী বা চেনেহী বিহু
অসমীয়া সমাজত বহাগ মাহৰ ষষ্ঠ দিনা বিয়া দিয়া জীয়ৰী পিতৃগৃহলৈ আহে; সেয়ে সেইদিনা ‘জীয়ৰী বা চেনেহী বিহু’ বুলি কোৱা হয় ।
‘চেৰা বিহু’
শেষৰ দিনা ‘চেৰা বিহু’। এয়ে ব’হাগৰ “সাতবিহু”। চেৰা বিহুৰ দিনা দৈ আৰু পঁইতা ভাত খোৱা হয় আৰু বিচনীৰে জুৰ লৈ এইদৰে গোৱা হয়-
“ নতুন কাপোৰ পুৰণা কাপোৰে দিন যাওক; ন-ভাতে পুৰণি ভাতে জীণ যাওক।”
এনেদৰে বিচনীৰে জুৰ ল’লে বছৰটোলৈ দেহা শাঁত পৰি থাকে বুলি বিশ্বাস কৰা হয়।
গৰু বিহু, মানুহ বিহু বা সাতবিহুৰ যিকোনো এদিনত এশ এবিধ শাক খোৱা নিয়ম আছে।
এশ এবিধ নোৱাৰিলেও সাতবিধেৰে কাম চলোৱা হয় আৰু ইয়াকে ‘সাতশাকী’ বোলে। এনেদৰেই পালন কৰা হয় অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু ।