সম্পূৰ্ণ ৯ টা বছৰ পিছত শুক্ৰবাৰে পুৱা ৭.৩০ বজাৰ পৰা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয় ৷ উল্লেখ্য যে, বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত পুৱা ভোটগ্ৰহণৰ পাচতেই বিকল হৈ পৰে ইভিএম মেচিন ৷ যাৰফলত ভোটগ্ৰহণত বাধা আহি পৰে ৷
গুৱাহাটী পৌৰ নিগমৰ ১ নং ৱাৰ্ডৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত পুৱাৰ ভাগত ইভিএম মেচিন বিকল হৈ পৰাৰ ফলত ভোটগ্ৰহণ প্ৰক্ৰিয়া বন্ধ হৈ পৰে । গুৱাহাটী পৌৰ নিগমৰ ১ নং ৱাৰ্ডৰ অন্তৰ্গত গাড়ীগাঁও এম ই স্কুলৰ ভোট গ্ৰহণ নং ৫আৰু ৬, গাড়ীগাঁও বেজপৰা এল পি স্কুলৰ ভোট গ্ৰহণ নং ৭ আৰু ৮, জালুকবাৰী ছোৱালী স্কুলৰ ভোট গ্ৰহণ নং ৯,১০,১১ আৰু সদিলাপুৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰ ১৩,১৪ ৰ ইভিএম মেচিন ভোটগ্ৰহণ আৰম্ভ হোৱাৰ পাচতেই বিকল হৈ পৰে । যাৰবাবে ভোটগ্ৰহণ কেন্দ্ৰসমূহত পুৱাৰে পৰা ভোটদানৰ বাবে শাৰী পাতি থকা ভোটাৰসকলে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় ।
প্ৰায় এঘন্টা ধৰি ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটদান বন্ধ হৈ থকাৰ পিছত ইভিএম মেচিনবোৰ সক্ৰিয় কৰা হয় । তাৰ পিছতে ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটদান আৰম্ভ হয় । যাৰবাবে ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটাৰৰ যথেষ্ট ভিৰ হৈ পৰিলক্ষিত হৈ পৰে । আনকি বহু ভোটাৰে প্ৰায় দুঘন্টা অপেক্ষাৰ অন্ততহে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সক্ষম হয় ।