যোৰহাটৰ প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্পৰ এটা দলে এম.আৰ.এফ কেন্দ্ৰত প্লাষ্টিক আৱৰ্জনা সংগ্ৰহ আৰু পৃথকীকৰণ প্ৰক্ৰিয়াৰ বাবে নিয়োজিত ৰেগ পিকাৰসকলৰ বাবে এক এক্সপ’জাৰ ভ্ৰমণৰ আয়োজন কৰে। এই এক্সপ’জাৰ ভ্ৰমণৰ জৰিয়তে ৰেগ পিকাৰসকলে প্লাষ্টিকৰ প্ৰকাৰ আৰু ইয়াৰ পৃথকীকৰণ প্ৰক্ৰিয়াৰ বিষয়ে সহজ আৰু স্থানীয় ভাষাত জানিব পাৰিব।
প্ৰকল্পটোৰ উদ্দেশ্য হৈছে উচ্চ বহনক্ষমতা আৰু সম্পদৰ কাৰ্যক্ষমতা নিশ্চিত কৰা, প্ৰদূষণ আৰু কাৰ্বন নিৰ্গমন কম কৰা, অনানুষ্ঠানিক খণ্ডৰ ইতিবাচক সংস্পৰ্শ, আৱৰ্জনা শ্ৰমিক/ৰেগ পিকাৰলৈ জীৱিকা প্ৰদান কৰা, পৰিষ্কাৰ আৰু স্বাস্থ্যসন্মত কৰ্ম পৰিৱেশ সৃষ্টি কৰা, উচ্চ পৰ্যায়ৰ সজাগতাৰ লগতে পৰিৱেশ আৰু সমাজৰ প্ৰতি দায়বদ্ধ আচৰণ বৃদ্ধি কৰা।