জামুগুৰিহাটৰ নৃশংস ঘটনা সংঘটিত হৈছে। ইটাখোলাৰ জয়সিদ্ধি বেজ গাঁৱত পিতৃয়ে নৃশংস ভাৱে হত্যা কৰিলে পুত্ৰক। স্থানীয় ৰাইজে পুত্ৰ ৰাহুল বৰাক ঘৰৰ ভিতৰতে চিপ লৈ ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে। ৰাহুল বৰাৰ বয়স আছিল ১৭ বছৰ। ৰাহুলৰ পিতৃ বিনীত বৰাই পৰিকল্পিত ভাৱে পুত্ৰক হত্যা কৰি মুখত কাপোৰৰ সোপা দি ওলোমাই থোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।
উল্লেখ্য যে, ৬বছৰৰ পূৰ্বে অভিযুক্ত বিনীত বৰাই নিজ পত্নীকো হত্যা কৰিছিল। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বিনীত বৰাক আটক কৰে।