জেৰেঙা ৰাঙলী কৰি যোৱা জয়মতীৰ স্মৃতিত অসমৰ ৰাইজক উপহাৰ দিয়া জ্যোতি ককাইদেউৰ সপোনৰ ছবি জয়মতী । আজি অৰ্থাৎ ১৯৩৫ চনৰ ২০ মাৰ্চৰ দিনটোতেই ৰাইজলৈ আগবঢ়োৱা হৈছিল প্ৰথম খন অসমীয়া ছবি জয়মতী ।
এই চলচ্চিত্ৰখন উজানবজাৰৰ অসমীয়া ছবিগৃহ বৰ্তমান কুমাৰ ভাস্কৰ নাট্যমান্দিৰত মুক্তি দিয়া হৈছিল। এই চলচ্চিত্ৰখন দৈনিক সন্ধিয়া ৬ বজা আৰু নিশা ৯ বজাত দেখুওৱা হৈছিল । ১৪ এপ্ৰিললৈকে একেৰাহে চলিছিল ছবিখন । বাতৰি কাকতৰ বিজ্ঞাপনত ইয়াক বিশেষভাৱে উল্লেখ কৰা হৈছিল এনেদৰে –
“আগতীয়া টিকটসমূহ পুৱা ৯ বজাৰ পৰা নিশা ১১ বজালৈ বিক্ৰী কৰা হ’ব।
টিকটৰ মূল্য: ৰিজাৰ্ভ: 3 টকা, প্ৰথম শ্ৰেণী: 2 টকা, দ্বিতীয় শ্ৰেণী: 1 টকা,
তৃতীয় শ্ৰেণী: 50 পইচা, চতুৰ্থ শ্ৰেণী: 25 পইচা
মৃদু মহিলাৰ বাবে: প্ৰথম শ্ৰেণী: 1 টকা, দ্বিতীয় শ্ৰেণী: 50 পইচা”