বিভিন্ন সময়ত অবৈধ ড্ৰাগছ,মাৰণাস্ত্ৰ সৰবৰাহৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী এলেকা নাগালেণ্ড আৰু মণিপুৰৰ পৰা মঙলবাৰে ৫ টাকৈ চিম্পাঞ্জী উদ্ধাৰ হোৱা ঘটনাই একপ্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰে সন্ধিয়া প্ৰায় ৫.৩০ বজাত ডিলাই তিনিআলিত নিয়মীয়া তালাচী চলাইছিল আৰক্ষীয়ে ৷ ডিলাই আৰক্ষীয়ে চলোৱা তালাচীৰ সময়তে ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এখন MN AG ৫৮২৯ নম্বৰৰ মাৰুতি ইক’ভেনত চিম্পাঞ্জীকেইটাৰ অৱস্থিতি নিশ্চিত কৰে আৰক্ষীয়ে ৷ আৰক্ষীয়ে বাহনখনত তালাচী চলাই ৫ টাকৈ চিম্পাঞ্জী উদ্ধাৰ কৰে ৷
তদুপৰি এই ঘটনাত জড়িত থকাৰ সন্দেহত আটক কৰে মণিপুৰৰ থাউবাল জিলাৰ দুটা সৰবৰহকাৰী ক্ৰমে- হবিবুৰ ৰহমান আৰু জনাব খানক ৷ পিছত সৰবৰাহকাৰী দুটাৰ সৈতে চিম্পাঞ্জীকেইটাক কাৰ্বি আংলঙৰ মাঞ্জাস্থিত জিলা বন বিভাগৰ পূৱ সংমণ্ডলৰ সহকাৰী বন সংৰক্ষক তথা মাঞ্জা ৰেঞ্জৰ বন বিষয়াৰ হাতত গতাই দিয়ে আৰক্ষীয়ে ৷