বাৰিষাৰ আগমনৰ লগে লগে ৰাজ্যৰ ভিন্ন প্ৰান্ত জলমগ্ন হৈ পৰিছে ৷ নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠা নৈ-উপনৈসমূহৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে ভিন্ন অঞ্চল ৷ বানে সৃষ্টি কৰা ক্ষয়-ক্ষতিৰ ফলত বহিঃবিশ্বৰ লগত বহু অঞ্চলৰ সংযোগ বিচ্ছিন্ন হৈছে ৷
নেৰানেপেৰা বৰষুণৰ ফলত ভয়ংকৰ ভূমিস্খলন হোৱাৰ পৰিপ্ৰেক্ষিতত ৰে’ল আৰু ঘাইপথেৰে যাতায়াত ব্যাহত হৈ পৰিছে । বান আৰু ভূমিস্খলনৰ ফলত এই পৰ্যন্ত পাঁচজন জন লোকৰ মৃত্যু হোৱা বুলি সদৰি কৰিছে দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে । নলবাৰীত মৰা পাগলাদিয়াই তাণ্ডৱ চলাইছে ।
বানে বুৰাইছে বিস্তীৰ্ণ অঞ্চল । বাঢ়ন পানীয়ে উটুৱাই নিলে পাগলদিয়া নৈৰ মথাউৰিও । ফলত বৃহত্তৰ অঞ্চলটোৰ কৃষিভূমি বাঢ়নী পানীয়ে বুৰাই পেলাইছে ৷ শংকিত হৈ পৰিছে গাওঁবাসী ৷ৰঙাপৰাত পথৰ ওপৰতে বাগৰি পৰিল গছ৷ ফলত ব্যাহত হৈ পৰিল যাতায়ত ৷ গছ বাগৰি পৰাৰ ফলত পথৰ দুয়োকাষে আবদ্ধ হৈ পৰে বহু বাহন ।
মঙলদৈত নেৰানেপেৰা বৰষুণৰ ফলত চিগা মথাউৰিয়ে ভাবুকিৰ সৃষ্টি কৰিছে ৷ নেৰানেপেৰা বৰষুণৰ ফলত নোৱা নৈৰ মথাউৰিৰ একাংশ চিঙি যোৱাত পানীত বুৰ গৈছে ঘাইপথ ৷ ইয়াৰোপৰি বাঢ়নি পানীয়ে বুৰাই পেলাইছে বিস্তীৰ্ণ অঞ্চল ৷ প্ৰশাসনৰ লোক, জনপ্ৰতিনিধিয়ে পৰিস্থিতিৰ বুজ নোলোৱাত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৷
আনহাতে, নীপকোৱে ৰঙানদী আৰু উমৰংছ’প্ৰকল্পৰ কপিলী আৰু খানদং বান্ধৰ গেইট খুলি দিয়াৰ ফলত দুয়োটা প্ৰকল্পৰ নামনি অংশ হৈ পৰিছে জলমগ্ন । ভৰ বাৰিষাৰ পূৰ্বেই ৰাজ্যত বানে সৃষ্টি কৰা এই বিভীষিকাৰ লগত ৰাজ্য চৰকাৰে কিদৰে মোকাবিলা কৰে সেয়া লক্ষণীয় হ’ব ৷