দিহানামৰ জনক লোক শিল্পী বদন মলিয়া গ’লগৈ l
টীয়কৰ লাহদৈগড়ৰ মলিয়া গাঁৱৰ নিজা বাসগৃহত ৭৯ বছৰ বয়সত স্বাস্থ্য জনিত কাৰণত শুকুৰবাৰে জীৱনৰ শেষ নিশ্বাস ত্যাগ কৰিলে শিল্পীগৰাকীয়ে।
- তেওঁৰ অমৰ সৃষ্টিৰাজিৰ বাবে বকুল বনৰ বঁটা,টীয়ক গৌৰৱ বঁটাকে ধৰি বিভিন্ন সন্মানেৰে সন্মানিত হৈছিল।
২০১৯ চনত অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰিছিল বিশিষ্ট অনাতাঁৰ শিল্পীগৰাকীয়ে।
বহু টোকাৰী গীত আৰু দিহা নাম ৰচনাৰ লগতে কন্ঠদান কৰি অসমৰ সংস্কৃতি জগতলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। শিল্পীগৰাকীৰ মৃত্যুত বৃহত্তৰ টীয়ক তথা অসমৰ শিল্পীসমাজে গভীৰ শোক প্ৰকাশ কৰিছে।