ঢেকীয়াপতীয়া বাঘ বিচাৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ফুটবল তাৰকা বাইচুং ভূটীয়া। তিনিদিনীয়া ভ্ৰমণসূচীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈছেহি পত্নী সন্তানসহ ভাৰতীয় ফুটবলৰ ৰাজপুত্ৰ বাইচুং ভূটীয়াৰ।
মঙলবাৰে কাজিৰঙাৰ বাগৰী বনাঞ্চল পৰিদৰ্শন কৰাৰ পিচত বুধবাৰে চেন্ট্ৰেল ৰেঞ্জ কহঁৰা পৰিদৰ্শন কৰে বাইচু ভূটীয়া আৰু পৰিয়াল বৰ্গই। উল্লেখ্য যে, এয়া তৃতীয়বাৰৰ বাবে কাজিৰঙা ভ্ৰমণৰ বাবে আহিছে তাৰকাগৰাকী। এইবাৰ তেওঁ গঁড়, হাতী, ঈগলকে আদি কৰি বিভিন্ন চৰাই দৰ্শন কৰে যদিও বাঘ দেখাৰ সৌভাগ্য হোৱা নাই বুলি মন্তব্য কৰে।
উল্লেখ্যে যে নুমলীগড় শোধনাগাৰত থকা ফুটবল ষ্টেডিয়াম আৰু একাডেমী পৰিদৰ্শনৰ বাবে আহিছিল বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ফুটবলাৰ গৰাকীয়ে। ইপিনে অসমৰ খেলুৱৈৰ সংখ্যা ISL ৰ দৰে টুৰ্ণামেন্টত বৃদ্ধি হোৱাত সন্তোষ প্ৰকাশ কৰে তাৰকা ফুটবলাৰগৰাকীয়ে।