মহানগৰ ক্ৰাইম বাঞ্চে সোমবাৰে নিশা চেন্নাইৰ এখন হোটেলত অভিযান চলায় উদ্ধাৰ কৰে জি এম চি এইচৰ পৰা যোৱা ১৩ এপ্ৰিলৰ পুৱাজি এম চি এইচৰ পৰা অপহৰণ কৰা হৈছিল এটা ৭মহীয়া কণমানিক। চিকিৎসাধীন অৱস্থাত থকা কণমানিটোক এগৰাকী মহিলাই অপহৰণ কৰি নিয়াৰ দৃশ্যাংশ বন্দী হৈ ৰৈছিল CCTV কেমেৰাত ৷ অপহৰণৰ প্ৰায় ১০টা দিন উকলি যোৱাৰ পিছতো অপহৃত শিশুটোৰ সন্ধান উলিয়াব নোৱৰা মহানগৰৰ ক্ৰাইম বাঞ্চে অপহৰণকাৰী মহিলাগৰাকীৰ ফটো ৰাজহুৱা কৰিছিল সংবাদমাধ্যমৰ আগত ৷
কিন্তু শেহতীয়াকৈ আমাৰ হাতত পৰা তথ্য মতে,কণমানিটোক অপহৰণ কৰিয়ে বিক্ৰী কৰি দিছিল শুৱালকুছিৰ এটা পৰিয়ালক৷ পৰিয়ালটোৱে শিশুটি ক্ৰয় কৰাৰ কথা অচিনাক্ত এগৰাকী মহিলাই খবৰ দিছিল অপহৃত শিশুটিৰ পিতৃ-মাতৃক ৷ পিতৃ মাতৃয়ে লগে লগে আৰক্ষীক খবৰ দিছিল ৷
আৰক্ষীয়ে অভিযান চলাই মানে দম্পতীটোৱে চিকিৎসাৰ বাবে উৰা মাৰিছিল চেন্নাইলৈ ৷ লগত লৈ গৈছিল শিশুটিৰ লগতে অপহৰণ কৰি নিয়া মহিলাগৰাকীক ৷ মহানগৰ ক্ৰাইম বাঞ্চে চেন্নাই আৰক্ষীৰে যোগাযোগ কৰি সোমবাৰে নিশা এখন হোটেলত অভিযান চলাই যদিও উদ্ধাৰ কৰিব সক্ষম নাই শিশুটো ৷ কিন্ত আশা কৰা হৈছে আজি দিনটোৰ ভিতৰতে সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব শিশুটো ৷