শনিবাৰে উত্তৰ কামৰূপ বন বিভাগে আটক কৰে চাৰিজন যুৱকক । উল্লেখ্য যে, চানপাৰা সংৰক্ষিত বনাঞ্চলৰ ভিতৰত চৰাই চিকাৰ কৰিবলৈ চেষ্টা কৰিছিল যুৱককেইজনে।
বিভাগটোৰ মতে, যুৱককেইজন বন্যপ্ৰাণী সুৰক্ষা আইন, 1972 ৰ বিভিন্ন ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে ।
বৰ্তমান ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে যুৱককেইজনক।