শুকুৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে বিশ্ববিদ্যালয়খনৰ অন্তৰ্ভুক্ত বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষাৰ্থী সকলে পৰীক্ষা বাতিল কৰিবলৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল। অৱশেষত শিক্ষাৰ্থীৰ তীব্ৰ প্ৰতিবাদৰ ওচৰত সেও মানি গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই স্নাতকোত্তৰ প্ৰথম আৰু তৃতীয় ষান্মাসিকৰ পৰীক্ষা স্থগিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
উল্লেখ্য যে, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই শনিবাৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰথম আৰু তৃতীয় চেমিষ্টাৰৰ পৰীক্ষাৰ সময়সূচী নিৰ্দ্ধাৰণ কৰিছিল ।
কিন্তু, পৰীক্ষাৰ্থীসকলে ক’ভিড পৰিস্থিতিৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰথম আৰু তৃতীয় চেমিষ্টাৰৰ পৰীক্ষাৰ ১৫-২০ দিন পিছুৱাই দিয়াৰ বাবে দাবী জনাইছিল ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ সম্মুখত শুকুৰবাৰে ছাত্ৰ-ছাত্ৰী সকলে এক প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰিছিল । এই কাৰ্যসূচীত সমৰ্থন কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাই ।
অৱশেষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই এক জাননীৰ জৰিয়তে শণিবাৰৰ পৰা হবলগীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰৰ ষান্মাসিকৰ সকলো পৰীক্ষা পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছে ।
ইপিনে পৰীক্ষাৰ পুনৰ নিৰ্দ্ধাৰিত সময়সূচী পৰৱৰ্তী সময়ত প্ৰকাশ কৰা হ’ব বুলি জাননীৰ জৰিয়তে জনোৱা হৈছে ।