যোৰহাটত আৰক্ষীৰ তীব্ৰ অভিযান। অভিযান চলায় কেকো সাপ সহঃ কেকো সাপৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। যোৰহাটৰ গড়মূৰ থানাৰ অৰ্ন্তগত হাতীগড় চাহ বাগানৰ পৰেশ বাঢ়ৈৰ ঘৰৰ পৰা আৰক্ষীয়ে আজি উদ্ধাৰ কৰে পাছটাকৈ কেকো সাপ।
জানিব পৰা মতে, পৰেশ বাঢ়ৈ নামৰ লোকজন কেকো সাপৰ ব্যৱসায়ৰ লগত বহু দিনৰ পৰাই জড়িত হৈ আছিল। যোৰহাটৰ উপ আৰক্ষী অধীক্ষক মামনি হাজৰীকা,সদৰ থানাৰ ভাপ প্ৰাপ্ত বিষয়া আৰু গড়মূৰ থানাৰ আই চি ৰাণা দেউৰীৰ নেতৃত্বত চলা অভিযানত উদ্ধাৰ হয় কেকো সাপ কেইটা।
আৰক্ষীয়ে ইতিমধ্যে উদ্ধাৰ হোৱা কেকো সাপ কেইটা বন বিভাগক চমজাই দিয়ে। আৰক্ষীৰ জিম্মালৈ নিয়া হৈছে ধৃত কেকো সাপৰ ব্যৱসায়ী পৰেশ বাঢ়ৈক।