বিহুৰ অনুষ্ঠান উপভোগ কৰি অহা সময়তেই সংঘটিত হ’ল এক ভয়াৱহ ঘটনা । এগৰাকী যুৱতীক ৪-৫জন যুৱকে নৃশংসভাৱে আক্ৰমণ কৰি উলংগ অৱস্থাত পথৰ দাঁতিত পেলাই থৈ যোৱা ঘটনাই কাৰ্বি আংলঙত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে,২৪ এপ্ৰিল দেওবাৰে বকলীয়াৰ ইংলেং গাঁৱৰ পৰা বিহু চাবলৈ যোৱা যুৱতীগৰাকীক প্ৰেমিক সুৰেশ নাথে নিশা মটৰচাইকলেৰে ঘৰলৈ থব অহা বাটত এই ঘটনা সংঘটিত হয় ।
ঘটনা অনুসৰি ৪-৫ জন যুৱকে যুৱতীগৰাকীক মাৰ-পিট কৰি উলংগ অৱস্থাত দুয়োভৰি বান্ধি ইংলেং গাঁৱৰ পথৰ দাঁতিত পেলাই থৈ যায় । উলংগ আৰু অচেতন অৱস্থাত যুৱতীগৰাকীক এগৰাকী শিক্ষকে প্ৰত্যক্ষ কৰে ।
ইয়াৰ পিছতে স্থানীয় ৰাইজৰ সহযোগত শিক্ষকগৰাকীয়ে যুৱতীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰায়। কিন্তু যুৱতীগৰাকীৰ দেহৰ পৰা প্ৰচুৰ ৰক্তক্ষৰণ হোৱাৰ বাবে তেওঁক পৰিয়ালৰ লোকে নগাঁৱৰ বাইপাছৰ এখন ব্যক্তিগত নাৰ্ছিংহোমৰ আইচিইউত ভৰ্তি কৰায়।
এই ঘটনাৰ পিছতে স্থানীয় ৰাইজে বকলীয়া আৰক্ষী থানাৰ অন্তৰ্গত কাছমাৰী আৰক্ষী চকীত গোচৰ ৰুজু কৰিবলৈ যায় যদিও কাছমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানৰ বাবে অহা ২৯ এপ্ৰিলতহে গোচৰৰ তদন্ত কৰিব পাৰিব বুলি কৈ ৰাইজক ওভতাই পঠিয়াই বুলি অভিযোগ উত্থাপিত হৈছে ।
ৰাইজৰ অভিযোগ সুৰেশ নাথ নামৰ যুৱকজনৰ নেতৃত্বত যুৱতীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰা হৈছে । ইপিনে এই ঘটনাক সাধাৰণ দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টাত লিপ্ত হৈছে এটা প্ৰভাৱশালী চক্ৰ। জঘন্য ঘটনাটোক দুৰ্ঘটনাৰ ৰূপ দিয়া চক্ৰটোৰ বিৰুদ্ধে বকলীয়াৰ ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।
উল্লেখযোগ্য যে প্ৰেমিক সুৰেশ নাথৰ পৰিয়ালটো আৰ্থিকভাৱে সবল হোৱাৰ বাবেই সমগ্ৰ ঘটনাটোক গাপ দিয়াৰ চেষ্টা চলোৱাৰো অভিযোগ তোলে ৰাইজে।