ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ। অক্টোবৰত পুনৰ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুস্থিত হবলৈ গৈ আছে এখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল।
চলিত বৰ্ষৰ ১৬ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া টি-২০ বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব লগীয়া তিনিখন মেচৰ বাবে স্থানসমূহ নিৰ্ধাৰণ কৰাৰ লগে লগে গুৱাহাটীয়ে পুনৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাত এখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ আয়োজন কৰাৰ সুযোগ লাভ কৰিছে।
২৮ ছেপ্টেম্বৰত ত্ৰিবান্দ্ৰমত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ প্ৰথমখন মেচ খেলিব ভাৰতে। আনহাতে, আন দুখন মেচ ১ অক্টোবৰত গুৱাহাটীত আৰু ৩ অক্টোবৰত ইন্দোৰত খেলিব ভাৰতে।