এখন দুখন নহয় নগাঁৱত নিৰ্মান হ’ব ৪ খনকৈ উৰণীয়া সেতু। মধ্য অসমৰ বাবে পৰিবহণ ব্যৱস্থাক এক নতুন গতি দিয়াৰ প্ৰয়াসেৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। নগাঁও জিলাৰ মাজেৰে যোৱা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মান হ’ব লগা এই চাৰিখন উৰণীয়া সেঁতুৱে যান-বাহনৰ ভিৰ কমোৱাৰ লগতে হ্ৰাস কৰিব দুৰ্ঘটনা।
উল্লেখ্য যে, নগাঁও জিলাৰ ৰহা, ডিমৌ, বৰঘাট বাইপাছ চক আৰু কঠিয়াতলি চাৰিআলিত নিৰ্মান হ’ব লগা এই উৰণীয়া সেঁতু কেইখনে এইপথৰে অহা-যোৱা কৰা যাত্ৰীসকলক যথেষ্ট সকাহ দিব।
উল্লেখযোগ্য যে, ৰহা চাৰিআলিৰ পৰা মৰিগাঁও আৰু চাপৰমুখলৈ যোৱা যাত্ৰী সকল, কঠিয়াতলিত পৰা কামপুৰ আৰু কন্দলীলৈ যোৱা যাত্ৰীসকল, ডিমৌৰ পৰা নগাঁও চহৰ আৰু উজনি অসমলৈ যোৱা যাত্ৰী সকল ,বৰঘাটৰ পৰা নগাঁও চহৰ আৰু উজনি অসম আৰু হোজাই, কাৰ্বি আংলঙলৈ যোৱা যাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নগাঁৱত এই উৰণীয়া সেঁতু কেইখন নিৰ্মান কৰিব।
ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে অসমত ১০খন উৰণীয়া সেঁতু নিৰ্মানৰ বাবে ৭৩৮ কোটি টকা ব্যয় কৰাৰ সিদ্ধান্ত লৈছে। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পথ-পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক ধন্যবাদ জনাইছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। আনহাতে কেন্দ্ৰীয় চৰকাৰৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে মন্ত্ৰী পীযূষ হাজৰিকাই।