পেট্ৰ’ল-ডিজেলৰ নিয়মিত মূল্যবৃদ্ধিৰ মাজতে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্য চৰকাৰ সমূহলৈ জনালে বিশেষ আহ্বান ৷ পেট্ৰ’পণ্যৰ ওপৰত ৰাজ্য চৰকাৰসমূহে আৰোপ কৰা কৰ প্ৰত্যাহাৰ কৰি জনতাক সকাহ দিবলৈ মুখ্যমন্ত্ৰীসকলক আহ্বান জনালে প্ৰধানমন্ত্ৰী মোদীয়ে ৷
তেওঁ কয় যে,মহাৰাষ্ট্ৰ,পশ্চিমবংগ আৰু তেলেংগানাই পেট্ৰ’পণ্যৰ ওপৰত আৰোপ কৰা VAT হ্ৰাস কৰা নাই ৷ কিছুমান ৰাজ্যই কেন্দ্ৰই আবকাৰী শুল্ক হ্ৰাস কৰাৰ পাচতো পেট্ৰ’ল-ডিজেলৰ ওপৰত আৰোপিত কৰ হ্ৰাস কৰা নাই ৷ এনে কৰাতো অনুচিত বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে ৷