গুৱাহাটীৰ বেলতলাৰ জয়ানগৰত চাঞ্চল্যকৰ ঘটনা। অট্টালিকাৰ ছাঁদৰ পৰা তলত পৰিল বনকৰা কিশোৰী।জানিব পৰা মতে, তিনি মহলাৰ পৰা সৰি পৰিল বনকৰা কিশোৰীগৰাকী। ফলত গুৰুতৰভাৱে আহত হয় কিশোৰীগৰাকী। কিশোৰীগৰাকী বৰ্তমান জিএমচিএইচত চিকিৎসাধীন হৈ আছে। ভুক্তভোগী কিশোৰীগৰাকীৰ ঘৰ টংলাৰ হাতীগড়ত। এই ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
উল্লখ্য যে, অট্টালিকাটোৰ গৰাকী বনশ্ৰী সৰকাৰে গতিয়াই দিয়াৰ ফলতে তলত পৰা বুলি অভিযোগ কৰিছে ভুক্তভোগী কিশোৰীগৰাকীয়ে। কিশোৰীগৰাকীৰ পাঁচডাল কামিহাড় ভাগিছে বুলি জানিব পৰা গৈছে। প্ৰথম অৱস্থাত কিশোৰীগৰাকীক এজাইল হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হয়।