কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটী পৌৰ নিগম নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে এক ৱেব পৰ্টেল মুকলি কৰিছে। অতিৰিক্ত উপায়ুক্ত (নিৰ্বাচন) ডা: ধ্ৰুৱজ্যোতি হাজৰিকাই শুক্ৰবাৰে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সভাত প্ৰশাসনৰ NIC শাখাৰ দ্বাৰা প্ৰস্তুত কৰা kamrupmetro-pg.assam.gov.in নামৰ ৱেব পৰ্টেলটো আনুষ্ঠানিক শুভাৰম্ভ কৰে।
এই ৱেবপৰ্টেল লগ ইন কৰি পঞ্জীয়ন কৰাৰ পিছত নিৰ্বাচনী বিধি ভঙ্গ কৰাকে ধৰি আন আন অভিযোগসমূহ আৰু অন্যান্য় বিষয়সমূহ জনসাধাৰণে অনলাইন যোগে দাখিল কৰিব পাৰিব। আনহাতে, এই পৰ্টেলত লগ ইন কৰিয়েই পৰৱৰ্তী পৰ্যায়ত সেই বিষয়ত কি পদক্ষেপ গ্ৰহণ কৰা হ’ল অভিযোগকাৰীয়ে জানিব পাৰিব।
অভিযোগকাৰীয়ে অভিযোগ কৰোতে স্থান আদি উল্লেখ কৰি ছবি সংলগ্ন কৰিব পাৰিব। নিৰ্বাচনী বিধি নিৰীক্ষণত এই ৱেব পৰ্টেলটো বিশেষভাৱে সহায়ক হ’ব বুলি আশা কৰা হৈছে। ইয়াৰোপৰি, এই ৱেব পৰ্টেলে জনসাধাৰণক আন আন ক্ষেত্ৰতো সহায় আগবঢ়াই স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাত প্ৰশাসনক সহায় কৰিব।