আজি আন্তর্জাতিক নাৰী দিৱস। নাৰী দিৱস মহিলাসকলৰ অধিকাৰৰ আন্দোলনৰ মূল কেন্দ্রবিন্দু। ১৯০৯ চনৰ ২৮ ফেব্ৰুৱাৰীত আমেৰিকাৰ চ’চিয়েলিষ্ট পার্টিয়ে নিউ ইয়র্ক চহৰত মহিলা দিৱসৰ আয়োজন কৰাৰ পিছত, জার্মান প্রতিনিধি ক্লাৰা জেটকিন, কেট ডানকাৰ, পলা থিয়েদে আৰু অন্যান্যসকলে ১৯১০ চনৰ আন্তর্জাতিক সমাজতান্ত্রিক মহিলা সম্মিলনত প্ৰস্তাৱ আগবঢ়াই প্রতি বছৰে এটা নিৰ্দিষ্ট মহিলা দিৱস আয়োজনৰ বাবে । সেই নাৰী দিৱসৰ মূল লক্ষ্য হৈ পৰিছিল মহিলাৰ ভোটাধিকাৰ ৷ ১৯১৭ চনত ছোভিয়েট ৰাছিয়াত মহিলা ভোটাধিকাৰ অর্জনৰ পিছত, ৮ মার্চ তাৰিখটো তাত ৰাষ্ট্ৰীয় ছুটিৰ দিনত পৰিণত হৈছিল। ১৯১৭ চনত খাদ্য আৰু শান্তিৰ বাবে কৰা আন্দোলনকে আৰম্ভ কৰি ফেব্ৰুৱাৰী আন্দোলনৰ আৰম্ভণি আদি সকলোতে নাৰীৰ ভূমিকা লক্ষণীয় ৷ এই দিৱস ১৯৬৭ চনত নাৰীবাদী আন্দোলনৰ দ্বাৰা গৃহীত নোহোৱালৈকে ১৯১৭চনৰপৰা প্রধানতঃ সমাজতান্ত্রিক আন্দোলন আৰু কমিউনিষ্ট দেশসমূহৰ দ্বাৰা উদ্যাপিত হৈ আহিছিল ৷
জাতি, ধর্ম, ভাষা, সংস্কৃতি, অর্থনৈতিক বা ৰাজনৈতিক ভেদাভেদ পাহৰি মহিলাসকলৰ কৃতিত্বক স্বীকৃতি জনোৱাৰ উদ্দেশ্যৰে এই দিনটো পালিত হয়। এই দিনটোত প্রত্যেককে নাৰীৰ অধিকাৰ, লিঙ্গ সমতা সম্পর্কে সচেতন কৰি তোলা হয়। লগতে মহিলাসকলৰ সমান অধিকাৰৰ যুঁজখন শক্তিশালী কৰা এই দিনটো পালনৰ অন্যতম উদ্দেশ্য।
নাৰীৰ স্বাধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ ইতিহাসত ৮ মাৰ্চ তাৰিখটো এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। সমাজ এখন সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিকভাৱে আগবাঢ়ি যাবলৈ হ’লে নাৰী-পুৰুষ নিৰ্বিশেষে সকলো ব্যক্তি সমানে আগবাঢ়ি যোৱাটো অপৰিহাৰ্য যদিও মানৱ সভ্যতাৰ বিকাশৰ ইতিহাসত এই ধাৰাবাহিকতা ৰক্ষা কৰা দেখা নাযায়। নাৰীৰ অনগ্ৰসৰতাই সমাজক পশ্চাদমুখী কৰাটো ইতিহাসে প্ৰতীয়মান কৰিছে। কৃষিভিত্তিক সমাজ ব্যৱস্থাৰ পৰা মধ্যযুগৰ সাম্ৰাজ্যবাদৰ উত্থান, সামন্ত প্ৰথাৰ প্ৰসাৰ, শিল্প উদ্যোগৰ মাজেদি আজিৰ একবিংশ শতিকাৰ তথ্য-প্ৰযুক্তিৰ বিস্ফোৰণৰ যুগলৈকে সমাজত নাৰী-পুৰুষৰ লিংগভিত্তিক বিভাজনে নাৰীৰ মৰ্যাদাৰ ক্ষেত্ৰত যথেষ্ট উত্থান-পতন আৰু পৰিৱৰ্তন আনিছে। নাৰীৰ অধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ সুদীৰ্ঘ সংগ্ৰামৰ বুৰঞ্জীত যুগান্তকাৰী স্মাৰক হিচাপে ৮ মাৰ্চ তাৰিখটো এটা উল্লেখযোগ্য দিন। সমগ্ৰ পৃথিৱীত যোৱা এক শতিকাৰ ওপৰকাল এই দিনটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হৈ আহিছে। ১৯১০ চনত আৰম্ভ হোৱা আন্তৰ্জাতিক নাৰী দিৱস ৮ মাৰ্চৰ তাৎপৰ্য জানিবলৈ আমি উভতি যাব লাগিব নাৰী আন্দোলনৰ এই সুদীৰ্ঘ পৰিক্ৰমালৈ।
প্ৰতিগৰাকী নাৰীকেই নাৰী দিৱসৰ শুভকামনা। লগতে প্ৰতিজন পুৰুষ যিয়ে নিজ মাতৃ পত্নী ভগ্নী প্ৰেয়সীৰ ছাটো হৈ গৌৰৱ হৈ মৰম হৈ থিয় দিছে তেওঁলোককো শুভকামনা।