উত্তৰাখণ্ডৰ প্ৰবীণ কংগ্ৰেছ নেতা তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ সিং ৰাৱটে উত্তৰাখণ্ড বিধানসভা নিৰ্বাচন ২০২২ ত নিজ গাদী বচাবলৈ সক্ষম নহ’ল । হৰিশ ৰাৱটে নৈনিতাল জিলাৰ লালকুয়ান বিধানসভা সমষ্টিৰ পৰা পৰাজিত হয় বৰণ কৰে ।
উল্লেখ্য যে,১৪ ফেব্ৰুৱাৰীত ৰাজ্যখনত অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ পাছত হৰিশ ৰাৱটে নিজকে মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰিছিল ।
ইপিনে কংগ্ৰেছ নেতাগৰাকী সমষ্টিটোৰ পৰা ১৪,০০০ তকৈও অধিক ভোটত পৰাজিত হয় ৷ সমষ্টিটোত হৰিশ ৰাৱটৰ মূল প্ৰতিদ্বন্দী আছিল বিজেপি প্ৰাৰ্থী ড৹ মোহন সিং বিষ্ট ।
উল্লেখনীয় ভাৱে তেওঁ উৰ্দ্ধম সিং নগৰৰ কিচ্চা বিধানসভা আৰু হৰিদ্বাৰ জিলাৰ গ্ৰাম্য আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল । কিন্তু দুয়োখন আসনতে মুখ ঠেকেচা খায় জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা সেইসময়ৰ মুখ্যমন্ত্ৰী হৰিশ ৰাৱট ।