সকলোৱে ৰঙা চাহ, গাখীৰ চাহ, সেউজীয়া চাহৰ বিষয়ে জানে। কিন্তু, আপুনি জানেনে, এই পৃথীৱীত নীলা চাহো আছে? এই চাহ বৰ্তমানৰ সময়ত বহুত জনপ্ৰিয় হৈ পৰিছে। যিসকলৰ সেউজীয়া চাহ খোৱাৰ অভ্যাস আছে, তেওঁলোকে এতিয়া অভ্যাসটো অলপ সলনি কৰিব পাৰে আৰু নীলা চাহ খোৱা আৰম্ভ কৰিব পাৰে।
ভাৰত আৰু বাংলাদেশত, এই চাহ অতি কম পৰিমাণে উৎপাদন কৰা হয়। এই বিশেষ চাহ সাধাৰণতে এক বিশেষ প্ৰকাৰৰ চাহ পাতৰ কলি আৰু অপৰাজিতা ফুলৰ কিছু অংশ একেলগে অত্যাধুনিক ধৰণে মিহলি কৰি তৈয়াৰ কৰা হয়।
নীলা চাহ খালে বহুতো লাভালাভ হয়। উদাহৰণ স্বৰূপে, এই চাহে হৃদযন্ত্ৰ সুৰক্ষিত কৰে, চৰ্বি হ্ৰাস কৰে, ওজন নিয়ন্ত্ৰণত ৰখে, শৰীৰত কোলাজেনৰ স্তৰ বৃদ্ধি কৰে ইত্যাদি।
শেহতীয়া ভাৱে, বহুতো বিজ্ঞানীয়ে অধ্যয়ন কৰি গম পাইছে যে, ওজন বৃদ্ধিৰ ফলত হোৱা যকৃতৰ সমস্যা প্ৰতিহত কৰিবলৈ নীলা চাহ অতি উপযোগী। নীলা চাহত থিয়ানিনৰ উপস্থিতিৰ বাবে, এই চাহ নিয়মীয়াকৈ খোৱাৰ ফলত শৰীৰৰ বিপাক বৃদ্ধি হয়। দিনত কমেও দুবাৰ এই চাহ খালে শৰীৰত হেপাটিক বিপাক বৃদ্ধি হয় আৰু কলেষ্টেৰল হ্ৰাস হয়।
যদিহে আপুনি বজাৰত নীলা চাহ বিচাৰি নাপায়, তেন্তে আপুনি ঘৰতে এই চাহ বনাব পাৰে। ইয়াৰ বাবে, চচপেন এটাত ৪ কাপ পানী দি ভালদৰে উতলাওক। যেতিয়া পানী ভালকৈ উতলে, পানীত ২ টা ইলাচী, আদা এটুকুৰা, ২ টা সৰু আকাৰৰ ডালচেনি আৰু ৭ টা অপৰাজিতা ফুল দিয়ক। মাত্ৰ, অপৰাজিতা ফুলৰ সেউজীয়া অংশটো পেলাই দিব। তাৰপিছত, ঢাকনি এখনেৰে ঢাকি দিয়ক আৰু প্ৰায় ৭-৮ মিনিট সময় উতলাওক। তাৰপিছত অপৰাজিতা ফুলৰ নীলা চাহ খাবলৈ সাজু হৈ যাব। তাৰপিছত, আপুনি মৌ মিহলি কৰি এই চাহ খাব পাৰিব।
এই চাহত আপুনি নেমুটেঙা মিহলি কৰিও খাব পাৰে। যদি এই চাহত নেমুটেঙা মিহলি কৰা হয়, তেন্তে এই চাহৰ ৰং নীলাৰ সলনি বেঙুনীয়া হ’ব।