ৰাজ্যত ভয়াৱহ ক’ৰনাত প্ৰতিদিনেই বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। ৰাজ্যত ভোগালী বিহুৰ উদযাপনৰ বাবে চৰকাৰে জাৰি কৰিছিল নতুন SOP । এতিয়া ছাত্ৰ-ছাত্ৰীৰ মাজত আৰম্ভ হৈছে, সৰস্বতী পূজাৰ জল্পনা-কল্পনা ৷ অৱশ্যে, বিগত সময়চোৱাত ক’ভিড মহামাৰীয়ে উৎসৱৰ আনন্দত বাধা হোৱাৰ বাবে সৰস্বতী পূজা উদযাপনৰ ক্ষেত্ৰতো বাধা আহিব পাৰে বুলি চিন্তাত পৰিছে ছাত্ৰ-ছাত্ৰী সকল ৷
কিন্তু এই সময়ছোৱাত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছে যে , শিক্ষানুষ্ঠানত সৰস্বতী পূজা পালনত কোনো বাধা নাথাকিব ৷ চলি থকা SOP পালন কৰি , চৰকাৰ তথা প্ৰশাসনে জাৰি কৰা নিয়ম অনুসৰি পালন কৰিব পাৰিব সৰস্বতী পূজা । পহিলা ফ্ৰেব্ৰুৱাৰীত ঘোষণা হ’ব লগা নতুন SOP ত সৰস্বতী পূজাৰ বাবে পৃথকে কোনো বাধা নাথাকিব ।