বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেলেংগানাৰ মুখ্যমন্ত্ৰীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে । ড৹ শৰ্মাই টুইটাৰযোগে যোগে তেলেংগানাৰ মুখ্যমন্ত্ৰীগৰাকীকলৈ শুভেচ্ছা জনায় লিখে, ” তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওলৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা । মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁক সুস্বাস্থ্য আৰু দীৰ্ঘজীৱনৰ আশীৰ্বাদ দিয়ক”।
উল্লেখ্য যে,কেচিআৰে ৰাহুল গান্ধী সম্পৰ্কত কৰা মন্তব্যৰ বাবে কিছুদিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰী মোডীক তীব্ৰ সমালোচনা কৰিছিল । ৰাহুল গান্ধী সন্দৰ্ভত কৰা মন্তব্যক “অপমানজনক মন্তব্য’ আখ্যা দিয়াৰ পিছতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে হায়দৰাবাদত এটা গোচৰো ৰুজু কৰিছিল । ইয়াৰ পূৰ্বে তেলেংগনাত এক ৰাজহুৱা সভাত অংশলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে তেলেংগানাৰ মুখ্যমন্ত্ৰী গৰাকীক তীব্ৰ সমালোচন কৰা দেখা গৈছিল ৷