উত্তৰাখণ্ডৰ নিৰ্বাচনী সভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে অশালীন মন্তব্য কৰি দলটোৰ ৰোষত পৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।
শনিবাৰে মহাৰাষ্ট্ৰ প্ৰদেশ কংগ্ৰেছৰ নেতা তথা এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰৌশনলাল বিট্টুৱে মহাৰাষ্ট্ৰৰ ৰামনগৰ থানাত মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে।
উল্লেখযোগ্য যে, ১১ ফেব্ৰুৱাৰীত উত্তৰাখণ্ডৰ এখন নিৰ্বাচনী সভাত ভাগ লৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই আক্ৰমণৰ লক্ষ্য কৰি লৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীক। আনকি সেই নিৰ্বাচনী সভাত ৰাহুল গান্ধীৰ পিতৃ পৰিচয়ক লৈও তেওঁ প্ৰশ্ন তুলিছিল ।
ইপিনে অসমতো কংগ্ৰেছে জোৰদাৰ প্ৰতিবাদ অব্যাহত ৰাখিছে । ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰায়ো ড৹ শৰ্মাক এসমালোচনা কৰে।
বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো ইতিমধ্যে মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ এনে অশালীন মন্তব্যৰ তীব্ৰ বিৰোধ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ১৪ ফেব্ৰুৱাৰীত উত্তৰাখণ্ডত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে এইদৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকী বিতৰ্কত সোমাই পৰা ঘটনাই বিজেপিক কি ধৰণে প্ৰভাৱ পেলাব সেয়া লক্ষণীয় হ’ব ।