সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলাৰ অন্তৰ্গত চাপৰতো বহু বছৰ ধৰি ফাকুৱা উৎসৱ মহা ধুমধামেৰে পালিত হৈ আহিছে। বৰপেটাৰ সংস্কৃতি-পৰম্পৰাৰে সমৃদ্ধ এই মনোমোহা উৎসৱটিয়ে সকলোৱে আকৰ্ষিত কৰি আহিছে। মহান ব্যক্তি তথা প্ৰয়াত মুখ্যমন্ত্ৰী শৰৎ সিংহৰ জন্ম ভূমিত পালিত এই উৎসৱৰ প্ৰথমদিনা পুৰোহিতে পূজা কৰে তাক গণ বুলি কোৱা হয়। দ্বিতীয় দিনা পুৱা গোঁসাইক থাপনাৰ পৰা উলিয়াই বাহিৰত প্ৰতিষ্ঠা কৰি ৰাইজে পূজা কৰি ফাকু খেলে। পিছত প্ৰতিখন গাঁৱৰ পৰা গোঁসাই লৈ নাচি-বাগি নাম-কীৰ্তন কৰা ৰাসমন্দিৰ প্ৰাংগনত ৰাইজ মিলিত হয়। তাতে প্ৰতি গাঁৱৰ গোঁসাইক তিনিপাক ঘুৰাই ৰাইজে সেৱা লয়। তাত প্ৰসাদ হিচাপে বাটাচা আগৱঢ়ায়। মনৰ বাঞ্ছা পুৰণৰ বাবে মানুহে কিলোৱে কিলোৱে বাটাচা আগবঢ়ায়। আৰু সেই প্ৰসাদ ৰাইজৰ মাজত খৰাহিত লৈ দলিয়াই দিয়ে ৰাইজে বুটলি লয়। পিছত গোঁসাইক প্ৰতি গাঁৱলৈ উভতাই নি প্ৰতি ঘৰে ঘৰে নাম- কীৰ্তন কৰি নি আকৌ থাপনাত থয়। তৃতীয় দিনা গোঁসাক পূজা কৰি গোঁসাইৰ থাপনাৰ আগত বোকা-পানী সৃষ্টি কৰি তাৰ মাজত নাম-কীৰ্তন কৰি বোকা খেলি ফাকুৱাৰ সামৰণি মৰা হয়।