সোমবাৰে অনুষ্ঠিত হ’বলগীয়া আছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিত বিষয়ৰ পৰীক্ষা । কিন্তু বৰ্তমান প্ৰশ্নকাকতক লৈ বহু ছাত্ৰ-ছাত্ৰীৰ মাজত সৃষ্টি হৈছে তীব্ৰ উৎকন্ঠাৰ। শেহতীয়াকৈ ছচিয়েল মিডিয়াৰ যোগেদি বিভিন্ন গ্ৰুপত ভাইৰেল হৈছে গণিতৰ এখন প্ৰশ্নকাকতৰ প্ৰথমটো পৃষ্ঠা।
ভাইৰেল হোৱা এই প্ৰশ্নকাকতখনকলৈ বৰ্তমান বহুতৰে মনত প্ৰশ্নৰ সৃষ্টি হৈছে । এতিয়া প্ৰশ্ন হয় সঁচাকৈ গণিতৰ প্ৰশ্নকাকত ফাদিল হৈছে নেকি ? এই ঘটনাই ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলক উৎকণ্ঠিত কৰি তুলিছে।
উল্লেখ্য যে, কোনো দুষ্টচক্ৰই ভুৱাকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকতৰ আৰ্হিত প্ৰশ্নকাকত প্ৰস্তুত কৰি এক বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ উদ্দেশ্যে এই কাম কৰিছে নে সঁচাকৈয়ে ক’ৰবাত গণিতৰ প্ৰশ্নকাকত ফাদিল হৈছে বৰ্তমান তাকে লৈ চিন্তিত সকলো । এই সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষই স্পষ্টীকৰণ দিলেহে ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক উৎকন্ঠাৰ অন্ত পৰিব ।