বৃহস্পতিবাৰে এদিনীয়া ভ্রমণসূচীৰে ডিব্ৰুগড় আৰু কাৰ্বি-আংলং জিলাত তিনিটাকৈ কাৰ্যসূচীত ভাগ লৈ উভতি গ’ল দেশৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডী । প্ৰধানমন্ত্রীয়ে সম্বোধন কৰা এই সভাত লাখ লাখ লোকৰ সমাগম ঘটিল । কিন্তু প্রধানমন্ত্ৰীৰ এই এদিনীয়া কাৰ্যসূচীৰ বাবে মানুহ অনা-নিয়া কৰাৰ বাবদ ৰাজ্য চৰকাৰে ব্যয় কৰিলে প্ৰায় ২৯.৩৫ কোটি টকা ।
প্রশাসনে অধিগ্রহণ কৰা বাহনসমূহ ডিব্ৰুগড়-কাৰ্বি আংলঙলৈ ৰাওনা হোৱাত গুৱাহাটী মহানগৰীকে ধৰি প্ৰতিখন চহৰৰে ৰাজপথৰ পৰা অন্তৰ্ধান হৈ পৰে দিবা-নৈশ বাছ,মেজিক, ছুমু, ট্ৰেভেলাৰকে ধৰি সকলো ধৰণৰ বাহন । এক কথাত মঙলবাৰৰ পৰা আজিলৈ তিনিদিন ধৰি বাছৰ অভাৱত সাধাৰণ যাত্ৰীসকল পণবন্দী হৈ পৰিছে । জানিব পৰা মতে গুৱাহাটী মহানগৰীৰ পৰা ৬০০ ৰো অধিক চিটী বাছ অধিগ্ৰহণ কৰা হৈছে ।
আচৰিত যদিও সর্বসাধাৰণ যাত্ৰীক পণবন্দী কৰি প্ৰধানমন্ত্রী মোদীৰ সভালৈ মানুহ অনাৰ বাবে ৮,১৫০খন যাত্রীবাহী বাহনৰ বাবদ ৰাজকোষৰ পৰা ব্যয় কৰা হৈছে ২৯ কোটি ৩৫ লাখ টকা । ইয়াৰে ডিব্ৰুগড়ৰ সভাত ব্যৱহৃত ১,০০২ খন বাছৰ বিপৰীতে চৰকাৰে ভাৰা আদায় দিব লাগিব ৪,৭৩,৭১,৭৫৬ টকা । আনহাতে কাৰ্বি আংলঙৰ সভাত ব্যৱহাৰ হোৱা আল্ট্রা-ট্ৰেভেলাৰ, ছুমুসহ ৬,১৪৬ খন বাহনৰ বিপৰীতে ব্যয় হৈছে ২৩,৮৯,৬১,৪৮০ টকা ।
অৰ্থাৎ সকলো মিলাই ৰাজকোষৰ পৰা ব্যয় কৰা হৈছে মুঠ ২৯.৩৫ কোটি টকা । বাহনৰ ভাড়াৰ বাবদ খৰছ কৰা হিচাপটো এনেধৰণৰ । অসম ৰাজ্যিক পৰিবহন নিগমৰ ১৯৭ খন গাড়ীৰ মুঠ ভাৰা ১,১৪,৮২,৮৭৪ টকা । সেইদৰে পৰিবহন নিগমৰ অধীনৰ ৮০৫ খন গাড়ীৰ ভাৰা ১,৫৮,৮৮,৯১২ টকা । আনহাতে ১৮৭১ খন আল্ট্ৰা গাড়ীৰ ভাৰা ১০,৭৩,৬০, ৬২১ টকা । ৮০৫ খন ট্ৰেভেলাৰ গাড়ীৰ মুঠ ভাৰা ৩,২৩,৩৮,১২৪ টকা । ৩০০০ খন মেজিক গাড়ীৰ মুঠ ভাৰা ৮,০২,৪১,৯১১ টকা । ৩০০ খন চুম’ গাড়ীৰ মুঠ ভাৰা ৯২,৪৩,৪৪৮ টকা । ১৭০ খন ডিলাক্স গাড়ীৰ মুঠ ভাৰা ৯৭৭,৩৫৪ টকা ।
অৰ্থাৎ প্ৰধানমন্ত্রীৰ সভালৈ মানুহ অনা-নিয়াৰ বাবদ ৰাজকোষৰ পৰা ওলাই গ’ল ২৯.৩৫ কোটি টকা । কেৱল ইমানেই নহয়, মোদীৰ সভালৈ অহা মানুহৰ খোৱা-বোৱাৰ বাবদো ব্যয় কৰা হৈছে বহু কোটি টকা । নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিত সৰ্বসাধাৰণ ৰাইজৰ জীৱন দুৰ্বিসহ হৈ পৰাৰ সময়তে এনেদৰে মানুহৰ সমাগমৰ বাবে ৰাজকোষৰ ধন ব্যয় কৰাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।