বাৰিষা কালত ৰাস্তা-ঘাট বোকাময় হৈ পৰে। ৰাস্তাত জমা হোৱা পানী আৰু বোকাত সকলোৰে অৱস্থা বেয়া হৈ পৰে। যদি পানীময় ৰাস্তাত জোতা সম্পূৰ্ণৰূপে তিতি যায়, তেন্তে পৰিস্থিতি আৰু বেছি বেয়া হৈ পৰে। দীৰ্ঘদিন ধৰি তিতি থকা জোতা পিন্ধিলে ভৰিত ভেঁকুৰৰ সংক্ৰমণ হ’ব পাৰে। গতিকে, বাৰিষাত ভৰিৰ বিশেষ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয়। ঘৰতে কেইটামান সহজ পদ্ধতিৰে ভৰিৰ যত্ন লওকঃ
১) বাৰিষা কালত ভৰি শুকান কৰি ৰাখিবলৈ চেষ্টা কৰক। ভৰি দুখন বেছি সময় তিতি থাকিলে দুৰ্গন্ধ আৰু ভেঁকুৰৰ সংক্ৰমণৰ সমস্যা হ’ব।
২) আৰ্দ্ৰতাৰ বাবে ভেঁকুৰৰ সংক্ৰমণ বা ছালৰ ৰোগ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পায়। গতিকে, খালী ভৰিৰে খোজ কাঢ়িব নালাগে।
৩) বাহিৰৰ পৰা ঘৰলৈ উভতি অহাৰ পিছত কুমলীয়া পানীত এন্টিচেপ্টিকেৰে ভৰি পৰিষ্কাৰ কৰিব লাগে। ইয়াৰ ফলত ভেঁকুৰ সংক্ৰমণৰ প্ৰৱণতা হ্ৰাস পাব।
৪) শুকান ভৰিত এন্টিফাংগেল পাউদাৰ ব্যৱহাৰ কৰিব লাগে। বিশেষকৈ বাহিৰৰ পৰা উভতি অহাৰ পিছত ভৰি পৰিষ্কাৰ কৰাৰ পিছত এন্টিফাংগেল পাউদাৰ ব্যৱহাৰ কৰিলে ভৰিৰ বেক্টেৰিয়াৰ সংক্ৰমণৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়।
৫) ভৰিৰ নখ সমানে ট্ৰিম কৰি ৰাখিব লাগে। নখৰ গুৰিত মলি জমা হ’লেও সংক্ৰমণৰ সমস্যা বাঢ়ি যায়।
৬) প্ৰতিদিনে গা ধোৱাৰ পিছত আৰু ৰাতি শোৱাৰ আগতে শুকান ভৰিত ক্ৰীম লগাব লাগে। এলাৰ্জীৰ সমস্যা থাকিলে বিশেষ ফুট ক্ৰীম ব্যৱহাৰ কৰক।