নগাঁৱৰ ৰণথলীত শুকুৰবাৰে উদ্ধাৰ কৰা হয় দুটাকৈ বোমা ৷ পথাৰত জে চি বিৰে মাটি খান্দি থাকোতেই উদ্ধাৰ হয় এই বোমা দুটা ।
জানিব পৰা মতে, জিতুমণি বৰা নামৰ এগৰাকী কৃষকে কুঁহিয়াৰ খেতি কৰিবৰ বাবে পথাৰত গাত খান্দোতেই পলিথিনেৰে মেৰিয়াই থোৱা অৱস্থাত বোমা দুটা প্ৰত্যক্ষ কৰে।
ইয়াৰ পিছতে স্থানীয় ৰাইজে নগাঁও সদৰ আৰক্ষী থানাত খবৰ দিয়ে। ৰাইজৰ খবৰৰ ভিত্তিত নগাঁও সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।
ইয়াৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰুপম হাজৰিকা । ইতিমধ্যে আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰা অনুসৰি, ১৫-২০ বছৰ পূৰ্বেই আলফাৰ সদস্যই কুঁহিয়াৰ খেতিত লুকুৱাই থৈছিল।