কামৰূপ মহানগৰ জিলা আবকাৰী বিভাগে গুৱাহাটী মহানগৰীত দেশী বিদেশী অবৈধ সুৰাৰ বিৰুদ্ধে চলাই থকা অভিযানৰ অংশ হিচাপে অলপতে মালিগাঁওৰ কাষৰীয়া আডিংগিৰী আৰু কালিখোলাত চুলাই মদৰ ভাটিত এক অভিযান চলোৱা হয়। আবকাৰী বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি ৰাজহুৱা অভিযোগৰ ভিত্তিত কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাসৰ নিৰ্দেশত গুৱাহাটী সদৰ আবকাৰী চক্ৰই চলোৱা অভিযানত কেবাটাও চুলাই মদ প্ৰস্তুত কৰা ভাটী ধ্বংস কৰা হয়। অৱশ্যে অভিযানৰ উমান পায়ে চুলাই মদ প্ৰস্তুত কৰা কাৰ্যৰ লগত জড়িত দুষ্কৃতিকাৰী সকল পলাই যাবলৈ সক্ষম হয়। অভিযানকাৰী দলটোৱে ভাটী সমূহৰ পৰা চুলাই প্ৰস্তুত কাৰ্যত ব্যবহাৰ হোৱা প্ৰায় ১,৫০০ লিটাৰ পাছ, ১৫০ লিটাৰৰো অধিক চুলাই জব্দ কৰি নষ্ট কৰিবলৈ সক্ষম হয়।