শনিবাৰে গোলাঘাট ডক্টৰছ ক্লাৱত অসম চিকিৎসা সেৱা সন্থা চমুকৈ আমচাৰ এখনি অতি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ আমচাৰ জিলাগোটৰ সভাপতি ডা° হেমন্ত কুমাৰ হাজৰিকাৰ পৰিচালনাত অনুষ্ঠিত সভাখনত সংগঠনটোৰ দুজন কেন্দ্ৰীয় সমিতিৰ নেতা ক্ৰমে কেন্দ্ৰীয় সহ সম্পাদক ডা°মাখন শইকীয়া আৰু সাংগাঠনিক সম্পাদক ডা°বনজিৎ পাঠক উপস্থিতত সভাখন অনুষ্ঠিত হয়।
উক্ত সভাখনত বিভিন্ন বিষয়ত আলোচনা কৰাৰ লগতে অহা এপ্ৰিল মাহৰ ৮, ৯ আৰু ১০ তাৰিখে তিনিচুকীয়াত অনুষ্ঠিত হবলগা আমচাৰ অধিবেশনলৈ প্ৰতিনিধিত্ব কৰাৰ বিষয়ত আলোচনা কৰা হয় ৷
এই সভাতেই ডা°অজিত গগৈক সভাপতি ; ডা°চিৰঞ্জীব গগৈক উপ সভাপতি ; ডা°প্ৰশান্ত প্ৰতীম গগৈক সম্পাদক ডা°ৰাজীৱ প্ৰসাদক সহ সম্পাদক; ডা°দিলীপ ৰাজবংশীক কেন্দ্ৰীয় সদস্য ; ডা°অৰুণ চন্দ্ৰ মহন্ত ; ড০ ৰঞ্জিত হাজৰিকা আৰু ডা° অনন্ত কুমাৰ বৰুৱাক উপদেষ্টা হিচাপে লৈ আমচাৰ সাতজনীয়া গোলাঘাট গোটটো নতুনকৈ গঠন কৰা হয় ৷ এই নতুনকৈ গঠনকৰা সমিতিখনে অহা মাহত তিনিচুকীয়াৰ অধিবেশনত দায়িত্বভাৰ গ্ৰহণ কৰিব ৷