সম্প্ৰতি সমগ্র ৰাজ্যত ভয়াৱহ ৰূপত বৃদ্ধি পাবলৈ ধৰিছে কভিডত আক্রান্ত লোকৰ সংখ্যা। বিশেষকৈ মহানগৰীত আক্ৰান্তৰ সংখ্যা ভয়াৱহ ৰূপত বৃদ্ধি পাইছে।
বুধবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই টুইটাৰযোগে প্ৰকাশ কৰে বৰ্তমানৰ ক’ভিড-১৯ ৰ পৰিস্থিতিৰ তথ্য।
এই তথ্য অনুসৰি ৰাজ্যত বৰ্তমান ক’ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা ৮৩৩৯ গৰাকী ৷ সৰ্বমুঠ ক’ভিড-১৯ ত আক্ৰান্তৰ হাৰ ১২.৮৯ শতাংশ ৷ লগতে ক’ভিড-১৯ টেষ্ট সম্পন্ন হৈছে ৬৪,৬৯৯ গৰাকীৰ ৷ ইয়াৰ ভিতৰত কামৰূপ মহানগৰীত ১৯২৯ জন লোক ক’ভিড-১৯ ত আক্ৰান্ত হয় ৷ ইপিনে ৯৪.৩৯ শতাংশ লোকে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে ৷ লগতে বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈ ১৫ জন লোকৰ মৃত্যু হৈছে ৷
শেহতীয়াকৈ কামৰূপ মহানগৰত ক’ভিডৰ ভয়াৱহতা যথেষ্ট হাৰত বৃদ্ধি হৈছে ৷ কেৱল কামৰূপ মহানগৰতেই ১১,৯৫৫ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ লগতে কাছাৰত ২৭৭৯ জন, ডিব্ৰুগড়ত ২,৭০৯ জন , যোৰহাটত ২,৪৯৯ জন কামৰূপ গ্ৰাম্যত ১,৯৩৪ জন লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ ইয়াৰোপৰি ৰাজ্যৰ আন আন জিলাতো ক’ভিডৰ সংহাৰী ৰূপ অব্যাহত আছে ৷
ইতিমধ্যে প্ৰত্যেকখন জিলাতে ক’ভিড চিকিৎসাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গঢ়ি তোলা হৈছে ৷ অৱশ্যে এইবাৰ ক’ভিড ৰোগীসকলে সম্পূৰ্ণ নিজা খৰচত চিকিৎসা, খাদ্য আদি গ্ৰহণ কৰিব লাগিব ক’ভিড চিকিৎসালয়ত ৷
সম্প্ৰতি ৰাজ্যৰ চিনেমা হল, পাৰ্ক, শ্বপিং ম’লৰ লগতে ৰাজহুৱা স্থানত মাস্ক পিন্ধাতো বাধ্যতামূলক কৰিছে ৷ ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহুকেইখন বিদ্যালয় আৰু মহাবিদ্যালয়ত ক’ভিডত আক্ৰান্তৰ পৰিমাণ বৃদ্ধি হোৱাৰ বাবে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে ৷