- ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত দাউ দাউকৈ জ্বলিল টেংকাৰ।
- টীয়কৰ কলিয়াপানীত AS-11-BC-0575 নম্বৰৰ ইণ্ডিয়ান অইলৰ টেংকাৰখন ৰাজপথতেই হঠাৎ জ্বলি উঠে।
- জানিব পৰা মতে, টেংকাৰখন কলিপানীৰ তিল ডিপোত ডিজেল আৰু পেট্ৰ’ল খালী কৰি শিৱসাগৰ অভিমুখে গৈ থাকোতে ডিপুৰ পৰা মাত্ৰ ৩০০ মিটাৰমান গৈয়ে পথৰ ওপৰতে জ্বলি উঠে।
- পিছত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমোৱাবলৈ সক্ষম হয়।
- যান্ত্ৰিক বিজুতিৰ ফলতে এই ঘটনা সংঘটিত হৈছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।