ভাৰতৰ নাগৰিকসকলক স্থানান্তৰ কৰাৰ বাবে বিকল্প পথ বিচাৰি আছে ভাৰতে । ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ পিছত ভাৰতৰ নাগৰিকসকলক স্থানান্তৰ কৰাৰ বাবেই এই বিকল্প পথ পথৰ বাবে এই আলোচনা ।
উল্লেখ্য যে, ইউক্ৰেইনত বাস কৰা ভাৰতীয় নাগৰিকৰ বাবে আকস্মিক পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আৰু বিকল্প স্থানান্তৰৰ পথ বাচি লবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ত উচ্চ পৰ্যায়ৰ বৈঠক চলি আছে। ইতিমধ্যে বিভিন্ন ৰাছিয়ানভাষী বিষয়াক ইউক্ৰেইনত থকা ভাৰতৰ দূতাবাসলৈ প্ৰেৰণ কৰা হৈছে আৰু ইউক্ৰেইনৰ চুবুৰীয়া দেশসমূহত নিয়োজিত কৰা হৈছে । এই কথা জানিবলৈ দিয়ে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে ৷
ভাৰতীয় দূতাবাসে ইউক্ৰেইনত বাস কৰা শিক্ষাৰ্থী আৰু আন লোকৰ নিৰ্দেশনা জাৰি কৰিছে। কিয়েভ ৰাছিয়াৰ দ্বাৰা লক্ষ্য কৰা চহৰসমূহৰ ভিতৰৰ অন্যতম আছিল। ইউক্ৰেইন নিবাসী ভাৰতীয় নাগিৰকসকলক উদ্দেশ্যি ভাৰতীয় দূতাবাসে জনায় যে, ইউক্ৰেইনৰ বৰ্তমানৰ পৰিস্থিতি অত্যন্ত অনিশ্চিত।