মঙ্গলবাৰে সদৌ চুতীয়া জাতি সম্মিলনৰ অসম কেন্দ্ৰীয় সমিতি আৰু শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত চুতীয়া যুৱ সন্মিলন অসমৰ একত্ৰীকৰণ প্ৰতিনিধি সভাখনি, যুৱদলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। সদৌ চুতীয়া জাতি সম্মিলন অসমৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰফুল্ল মেধি দেৱে উক্তসভাখনত সভাপতিত্ব কৰে আৰু সদৌ চুতীয়া জাতি সম্মিলন অসমৰ সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়া দেৱে সভাৰ উদ্দেশ্য বাখ্যা কৰে।
উক্ত প্ৰতিনিধি সভাখনত বিগত সময়ত দুটা ভাগত বিভাজিত হৈ থকা চুতীয়া যুৱসম্মিলন অসম নামৰ সংগঠনটোক আনুষ্ঠানিকভাৱে ভংগ ঘোষণা কৰে বুলি বিবৃতি যোগে জনায়।
লগতে এই সভাখনতে ১৬ খন জিলাৰ চাৰি শতাধিক প্ৰতিনিধিৰ প্ৰত্যক্ষ উপস্থিতিত সীমান্ত শইকীয়াক সভাপতি আৰু শ্যামল জ্যোতি বৰাক সাধাৰণ সম্পাদক হিচাপে লৈ চুতীয়া জাতি সন্মিলন আৰু চুতীয়া জাতি মহিলা সন্মিলনৰ ঔৰসত ‘চুতীয়া জাতি যুৱ সন্মিলন অসম’ নামেৰে এটি নতুন সংগঠনৰ জন্ম হয়।
জানিব পৰা মতে, প্ৰতিনিধি সভাখনত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে সদৌ চুতীয়া জাতি সম্মিলনৰ কাৰ্যকৰী সভাপতি ডিম্বেশ্বৰ বৰা, ৰঞ্জিত তামুলী, সোমেশ্বৰ খনিকৰ, ৰমেশ হাজৰিকা। ইয়াৰোপৰি মহিলা সন্মিলনীৰ উপ সভানেত্ৰী কুমকুম বৰা, সাধাৰণ সম্পাদিকা অৰ্পণ চুতীয়া, ইন্দিৰা বৰা, ৰেখা ভুঞা শইকীয়া আৰু কমলা শইকীয়া।