বিদেশৰ পৰা অহা লোকসকলক কেন্দ্ৰীয় চৰকাৰে কʼভিডৰ বুষ্টাৰ পালি প্ৰদান কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ২৭ মাৰ্চৰ পৰা দেশত আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল আৰম্ভ হ’ব। যাৰ বাবে চৰকাৰে এই সিদ্ধান্ত লৈছে।
ইউৰোপৰ বহু দেশত বহি ৰাষ্ট্ৰৰ পৰা অহা ভ্ৰমণকাৰীসকলৰ বাবে বুষ্টাৰ পালি বাধ্যতামূলক কৰা হৈছে। আনহাতে ভাৰতত কেৱল ৬০ বছৰৰ অধিক বয়সৰ লোকসকলকহে বুষ্টাৰ পালি প্ৰদান কৰা হৈছে।
উল্লেখ্য যে এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্বাস্থ্য মন্ত্ৰালয়লৈ পত্ৰ লিখিছিল। এই পত্ৰৰ আধাৰতে স্বাস্থ্য মন্ত্ৰালয়ে সিদ্ধান্ত লৈছে যে বিদেশলৈ যোৱা ভাৰতীয়সকলে যিকোনো ব্যক্তিগত চিকিৎসালয়লৈ গৈ বুষ্টাৰ পালি গ্ৰহণ কৰিব পৰা ব্যৱস্থা কৰা হ’ব। ইয়াৰ বিনিময়ত তেওঁলোকে এটা নিৰ্দিষ্ট মূল্য পৰিশোধ কৰিব লাগিব।