আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস। প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰীৰ দিনটোত আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে পালন কৰা হয়। আমি সকলোৱে নিজৰ ভাষাটো জীয়াই ৰাখিবলৈ অহোপুৰুষাৰ্থ চেষ্টা চলায় থাকো ।
বৰ্তমান সময়ত ইংৰাজী ভাষাৰ গুৰুত্বত ক্ৰমে মাতৃভাষাৰ প্ৰাধান্য কমি অহা পৰিলক্ষিত হৈছে । বেছিভাগ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়িলে অনাগত সময়ত ভাল ফল পাব বুলি ধাৰনা কৰে । কিন্তু ইংৰাজী ভাষাৰ সমান্তৰালকৈ নিজ মাতৃভাষাৰ গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজনীয় ।
ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ তথা বহুভাষাবাদৰ বিষয়ে সজাগতা সৃষ্টিক উদগনি যোগাবৰ বাবে প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰী দিনটোক আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে পালন কৰা হয়। ১৯৯৯ চনৰ ১৭ নৱেম্বৰত ইউনেস্কোই(UNESCO) প্ৰথম এই দিৱসৰ কথা ঘোষণা কৰে।
কানাডাৰ ভেংকুভাৰ নগৰ নিবাসী দুজন বাঙালী লোক ৰফিকুল ইছলাম আৰু আব্দুছ চালামে ১৯৯৮ চনত ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান কফি আন্নানৰ ওচৰত একৈছ ফেব্ৰুৱাৰীক আন্তৰ্জাতিক মাতৃভাষা দিৱসৰূপে স্বীকৃতি কৰিবলৈ আবেদন জনাইছিল। ১৯৯৯ চনত ইউনেস্কোই এই দিৱসৰ কথা ঘোষণা কৰাৰ পিছত ২০০০ চনত ৰাষ্ট্ৰসংঘৰ সদস্য দেশসমূহে ২১ ফেব্ৰুৱাৰীক যথাযথ মৰ্যদাৰে পালন কৰে।
২০০৯ চনৰ ১৬ মে’ তাৰিখে ৰাষ্ট্ৰসংঘই A/RES/61/266 নং সিদ্ধান্ত অনুসৰি সকলো সদস্য দেশকে “বিশ্বৰ মানৱে ব্যৱহাৰ কৰা সকলো ভাষাৰ সংৰক্ষণ আৰু সুৰক্ষাৰ” বাবে অনুৰোধ কৰে। একে সিদ্ধান্ত অনুসৰি সাধাৰণ সভাই ২০০৮ চনক “ভাষাৰ আন্তৰ্জাতিক দিৱস” হিচাপে গ্ৰহণ কৰে।
২০১০ চনত ৰাষ্ট্ৰসংঘৰ ৬৫সংখ্যক অধিৱেশনত প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰীক আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে পালন কৰিবলৈ বাংলাদেশে উত্থান কৰা প্ৰস্তাৱ গৃহীত হয়। ২০১০ চনৰ মে’ মাহত ৰাষ্ট্ৰ সংঘৰ তথ্যবিষয়ক সমিতিত প্ৰস্তাৱটো সৰ্বসন্মতিভাৱে গৃহীত হয়। মাতৃভাষা দিৱসৰ উপলক্ষে আজি ভিন্ন প্ৰান্তত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।