কৃষকৰ প্ৰবল প্ৰতিবাদত কেন্দ্ৰই বাতিল কৰিবলৈ বাধ্য হৈছিল বিতৰ্কিত তিনিখন কৃষি আইন ৷ কৃষকৰ সৈতে কোনো আলোচনা নকৰাকৈ আৰু বিৰোধীৰ আপত্তিক গুৰুত্ব নিদি চৰকাৰে এই তিনিখন আইন গৃহীত কৰোৱাইছিল ৷
এতিয়া চৰকাৰে একে ধৰণৰ অহমিকাবোধেৰে গৃহীত কৰোৱাবলৈ ওলাইছে আন এখন আইন ৷ সম্প্ৰতি খচৰাৰ পৰ্যায়ত থকা এই সম্ভাব্য আইনৰ কবলত পৰিব পাৰে অসম গৌৰৱ চাহ উদ্যোগ ৷ ইতিমধ্যে এশ এবুৰি সমস্যাত আক্ৰান্ত ৰাজ্যৰ চাহ উদ্যোগ ৷ কিন্তু তাৰ মাজতে আন এক দুঃখবৰ আহিছে অসমৰ চাহ উদ্যোগলৈ ৷ তাৰ নাম Tea (Development and Promotion) Bill, 2022 ৷ চাহ উন্নয়ন আৰু প্ৰসাৰ বিধেয়ক, ২০২২ ৷ চমুকৈ চাহ বিধেয়ক ৷
আচলতে কেন্দ্ৰই ১৯৫৩চনৰ চাহ আইনৰ সলনি নতুন আইন আনিবলৈয়ে এই চাহ বিধেয়কৰ খচৰা প্ৰস্তুত কৰিছে ৷ কিন্তু এই বিধেয়কে অসমৰ লগতে দেশৰ চাহখেতি হোৱা অঞ্চলসমূহৰ লাখ লাখ চাহ শ্ৰমিক আৰু এই উদ্যোগৰে জড়িত আনসকলক শংকিত কৰি তুলিছে ৷ তাৰ লগতে কেন্দ্ৰই যিধৰণে লৰালৰি কৰি ইয়াক আইনৰ ৰূপ দিব খুজিছে তাক লৈয়ো সৃষ্টি হৈছে অধিক সন্দেহৰ ৷ কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়ে এই খচৰা সন্দৰ্ভত ৰাজহুৱা মতামতৰ বাবে মাত্ৰ ১১ দিন সময় দিছিল ৷ ২১ জানুৱাৰীত এই ম্যাদৰ অন্ত পৰিছে ৷
কিন্তু তাৎপৰ্যপূৰ্ণভাৱে এই উদ্যোগৰ সৈতে যাৰ জীৱন জীৱিকা জড়িত সেই চাহ শ্ৰমিক অথবা ট্ৰেড ইউনিয়নসমূহক খচৰা প্ৰস্তুতৰ বাবে পৰামৰ্শ দিবলৈ চৰকাৰে আমন্ত্ৰণ নজনালে ৷ তথাপি AITUC, INTUC, HMS, CITU, AIUTUC, TUCC, SEWA, AICCTU, LPF আৰু UTUCৰ দৰে ১০টা সংগঠনে অন্তিম দিনা অৰ্থাৎ ২১ জানুৱাৰীত মন্ত্ৰণালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰে ৷ এই পত্ৰত প্ৰস্তাৱিত খচৰাৰ নিৰ্দিষ্ট কেইটামান দফাই চাহ উদ্যোগ, শ্ৰমিক, বাগিচা আৰু Tea boardৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাব বুলি অভিযোগ কৰা হয়।
ট্ৰেড ইউনিয়নসমূহে মন্ত্ৰণালয়ক উদ্বেগসমূহ মৰিষণ নকৰালৈ কোনো একপক্ষীয় সিদ্ধান্ত নল’বলৈ আহ্বান জনায় । ইয়াৰ বাবে ৰাজহুৱা মতামত গ্ৰহণৰ দিন বৃদ্ধি আৰু সংশ্লিষ্ট সকলো পক্ষৰ সৈতে আলোচনাত বহাৰো অনুৰোধ জনোৱা হয় ৷ শেহতীয়াকৈ চৰকাৰে বাতিল কৰা কৃষি আইনৰ দৰেই এই বিধেয়কত ক্ষতিকাৰক দিশ থকা বুলি ট্ৰেড ইউনিয়নসমূহে অভিযোগ কৰিছে ৷
ট্ৰেড ইউনিয়নসমূহে অভিযোগ কৰিছে যে এই খচৰাত থকা এক দফাৰ দ্বাৰা Tea boardৰ নিয়ামক ভূমিকাৰ অন্ত পেলাব বিচৰা হৈছে ৷ ইয়াৰ ফলত দেশৰ চাহ উদ্যোগ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ বাবে মুকলি হ’ব ৷ tea boardৰ নিয়ন্ত্ৰণ অবিহনে অতিশয় শ্ৰম আৰু ভূমিকেন্দ্ৰিক এই উদ্যোগ ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হ’ব ৷ বিঘ্নিত হ’ব ৰাষ্ট্ৰীয় স্বাৰ্থ ৷
ইয়াৰ লগতে আহিছে চিৰদিন শোষণ বঞ্চনাৰ বলি হৈ অহা চাহ শ্ৰমিকসকলৰ অধিকাৰ খৰ্ব কৰাৰ প্ৰশ্নটোও ৷ ১৯৫৩ৰ চাহ আইনত থকা চাহ খেতি সম্প্ৰসাৰণত নিয়ন্ত্ৰণ সম্পৰ্কীয় তৃতীয় অধ্যায় আৰু চাহ ৰপ্তানিত নিয়ন্ত্ৰণ সম্পৰ্কীয় চতুৰ্থ অধ্যায় খচৰাত বাদ দিয়াক লৈ ক্ষুব্ধ সংগঠনসমূহ ৷ তেওঁলোকে অভিযোগ কৰিছে যে ইয়াৰ দ্বাৰা চাহ খেতি হোৱা দেশৰ ৪.২ লাখ হেক্টৰ মাটি বাধাহীন বাণিজ্যিক উদ্দেশ্যৰ বাবে মুকলি কৰি দিয়া হ’ব ৷ ই ১২ লাখ চাহ শ্ৰমিকৰ জীৱন জীৱিকা বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিব ৷ তাৰ লগত সংকটত পৰিব বনাঞ্চল আৰু জলাশয়সমূহ ৷ বিশেষকৈ ৩ এ অধ্যায় সমপূৰ্ণৰূপে বাদ দি চৰকাৰে কেৱল মালিক পক্ষৰ স্বাৰ্থ ৰক্ষা কৰিব খুজিছে ৷ বাদ দিব খুজিছে ভূমি তথা শ্ৰমিকৰ অধিকাৰৰ প্ৰশ্ন ৷ এই খচৰা বিধেয়ক শ্ৰমিকৰ অধিকাৰ সম্পৰ্কত সম্পূৰ্ণ নীৰৱ বুলি সংগঠনকেইটাই অভিযোগ কৰে ৷
২০১৪ত গ্ৰহণ কৰা pre legislative consultation policy মতে চৰকাৰে যিকোনো খচৰা ৰাজহুৱা মতামতৰ বাবে কমেও ৩০ দিন মুকলি ৰাখিব লাগে ৷ তাৰ পাছতো এতিয়ালৈকে সংসদত উত্থাপিত হোৱা ৩০১খন বিধেয়কৰ ২২৭খন কোনো মতামত গ্ৰহণ অবিহনেই সংসদলৈ গৈছে ৷ যি ৭৪খন ৰাজহুৱা মতামতৰ বাবে ৰখা হৈছিল তাৰ ৪০খনৰ ক্ষেত্ৰত ৩০ দিনৰ সময় দিয়া হোৱা নাছিল। চাহ বিধেয়কো তাৰ মাজৰে এখন ৷ এতিয়া প্ৰশ্ন হয় সকলো পক্ষৰ মতামত লৈ ধীৰে সুস্থিৰে সংস্কাৰ কৰাত এই চৰকাৰৰ ইমান অসুবিধা কিয়? কৃষি আইনৰ ক্ষেত্ৰত হোৱা লজ্জাজনক পৰাজয়ে চৰকাৰক শিক্ষা দিয়া নাই নেকি?