যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ কলীয়াপানী উন্নয়ন খণ্ডৰ অন্তগৰ্ত পানী যোগান আচঁনি সমুহত পুনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যোগেদি জল জীৱন যোজনাৰ আচঁনিৰ জৰিয়তে বিশুদ্ধ খোৱা পানী যোগানৰ ব্যৱস্থা কৰিছিলে যদিও টীয়ক সমষ্টিত সম্পূৰ্ণ প্ৰাককলনৰ মতে নকৰাৰ ৰাজহুৱা অভিযোগ পোৱা হৈছে l ছাত্ৰ সন্থা আৰু সাংবাদিকৰ এটি দল আৰু স্হানীয় ৰাইজৰ এটি প্ৰতিনিধি দলৰ সৈতে মঙ্গলবাৰে চিন্তামণি গাওঁ পঞ্চায়তৰ অন্তগৰ্ত জেলেঙীটুপ পানী যোগান আচনি আৰু ঘৰফলীয়া পানী যোগান আচনিত জল জীৱন মিছনৰ পুজিৰে কৰা কাম সমুহ চোৱা হয় আৰু সম্পূৰ্ণ ক্ৰটি পূৰ্ণ হিচাপে কৰা পৰিলক্ষিত হয় বুলি জানিবলৈ দিছে ৷ জল জীৱন মিছনৰ প্ৰাক্ কলনৰ মতে পাইপ সমূহ তিনি ফুটৰ তলত পুটিব লাগে যদিও তাকে নকৰি পাইপ সমূহ মাটিৰ ওপৰত কোনো অংশত ৮ ” বা ১ ফুট কৈ পোটা আৰু ঘৰত সংযোগ দিয়া পাইপ সমূহ ৩০ ফুট দিব লাগে কিন্ত ৬ পৰা ১০ ফুটহে দিয়া দেখা যায় l প্ৰধানকৈ ঘৰৰ সংযোগ দিয়া টেপ বিলাকত পকাৰ যি খন প্লেট বনাই দিব লাগিছিল সেইখন মাত্ৰ ১২ টা ইটাৰে নিৰ্মাণ কৰাৰ লগতে পাইপ সমুহও নিম্ন মানদণ্ড পাইপ দিয়াৰ ফলত পানী দিয়াৰ লগে ফাটি যায় তাৰ পাছত বিভাগীয় কত্তৃপক্ষক জনোৱাৰৰ পাছটো কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰিছে একাংশ ৰাইছে l
বাতৰি কাকতলৈ প্ৰেৰিত এক বিবৃত্তিত সদৌ অসম ছাত্ৰ সন্থাা কায্যনিবাহক সদস্য জিতু নেওগে কয় জল জীৱন আচঁনিত নীতি নিয়ম মতে নকৰি ঠিকাদাৰ প্ৰতিষ্ঠানে বিভাগক মেনেজ কৰি নিজৰ খেয়াল খুচিত কাম কৰিছে ৷পানী দিলে পাইপ সমুহ ফাটি যায় আৰু এই আচঁনিৰ নিয়ম আছিল প্ৰতি ঘৰ মানুহৰ ঘৰত সংযোগ দিব লাগিছিল যদিও দিয়া হোৱা নাই সংযোগ ৷ ছাত্ৰ সন্থাৰ তৰফৰ পৰা জিলা উপায়ুক্তক দিয়া অভিযোগ কৰাত বিষয়টো প্ৰয়োজনীয় ব্যৱস্থা কৰা হব বুলি জনায় ৷ আজি যোৰহাটৰ জেষ্ঠ অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন টীয়কৰ জল জীৱন মিছনৰ চিন্তামণিগড় গাওঁ পঞ্চায়তৰ অন্তগৰ্ত জেলেঙীটুপ আৰু ঘৰফলীয়া পানী যোগান আচনিৰ কাম সমূহ পৰ্য্যবেক্ষণ কৰি সম্পূৰ্ণ ক্ৰটি পূৰ্ণ হোৱা প্ৰমাণ হোৱাত উপস্থিত থকা বিভাগৰ কনিষ্ঠ অভিযন্তা গৌতম বৰগোহাঞিক ১৪ দিনৰ ভিতৰত কাম সম্পুৰ্ণ কৰিবৰ কাৰণে নিদেৰ্শ দিয়ে আৰু লগতে অতিৰিক্ত উপায়ুক্ত বৰ্মনে আৰু কয় যদি এই কাম প্ৰাককলন মতে নহয় তেতিয়া আইনৰ কাষ চাপিব আৰু সেই বাবে কোনো অভিযোগ নোহোৱাকৈ কৰিবৰ কাৰণে আহবান জনায় ৷