প্ৰথমবাৰৰ বাবে সমগ্ৰ দেশৰ ভিতৰতে তৃতীয়বাৰৰ বাবে দিল্লীৰ বাহিৰত ভাৰতীয় জ্ঞানপীঠ অকাডেমীয়ে আয়োজন কৰিছে বঁটা প্ৰদানৰ এক বিশেষ অনুষ্ঠান । ১১ এপ্ৰিলৰ সন্ধিয়া ৬ বজাত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হ’ব এই বিশেষ অনুষ্ঠান । এই বিশেষ অনুষ্ঠানৰ বিশিষ্টি ব্য়ক্তি “গোলাপী জামুৰ লগ্ন”ৰ কবি নীলমণি ফুকন । কিয়নো সুদীৰ্ঘ ২২ বছৰৰ অন্তত অসমলৈ আহিছে ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান “জ্ঞানপীঠ” ।
ইতিপূৰ্বেই ঘোষণা কৰা হৈছিল কবি নীলমণি ফুকনলৈ এই সন্মান জ্ঞানপীঠ অকাডেমীয়ে আগবঢ়োৱাৰ কথা । বিশিষ্ট কবিগৰাকীক সেই সন্মান প্ৰদান কৰিবলৈ জ্ঞানপীঠ অকাডেমীয়ে ১১ এপ্ৰিলত গুৱাহাটীত এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে ।
এই বিশেষ অনুষ্ঠানৰ বিষয়ে সবিশেষ জানিবলৈ দি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ডঃ দেৱজিৎ খনিকৰে বৃহস্পতিবাৰে ই টিভি ভাৰতক কয় যে সাধাৰণতে জ্ঞানপীঠ বঁটা প্ৰদান অনুষ্ঠান দিল্লীৰ বিজ্ঞান ভৱনতে অনুষ্ঠিত কৰা হয় আৰু ৰাষ্ট্ৰপতিয়ে এই সন্মান প্ৰদান কৰে । জ্ঞানপীঠ বঁটাপ্ৰাপকে নিজহাতে বঁটা গ্ৰহণ কৰাটোৱেই নিয়ম । কিন্তু বিশেষ পৰিস্থিতিত কেতিয়াবা জ্ঞানপীঠ অকাডেমীয়ে ইয়াৰ বাবে বিশেষ অনুষ্ঠানৰ আয়োজন কৰে ।
কবি নীলমণি ফুকনৰ বয়স বৰ্তমান প্ৰায় ৯২ বছৰ । গতিকে দিল্লীলৈ গৈ তেওঁ এই বঁটা গ্ৰহণ কৰাটো সম্ভৱ নহয় । সেয়েহে হয়তো জ্ঞানপীঠ অকাডেমীয়ে কেৱল তেওঁৰ বাবেই এই বিশেষ অনুষ্ঠানটো গুৱাহাটীত আয়োজন কৰিছে । ইয়াৰ পূৰ্বে মাত্ৰ দুবাৰহে দিল্লীৰ বাহিৰত এনেকুৱা বঁটা প্ৰদান অনুষ্ঠান বিশেষ পৰিস্থিতিত জ্ঞানপীঠ অকাডেমীয়ে অনুষ্ঠিত কৰিছিল । এবাৰ কেৰালাত আৰু এবাৰ কৰ্ণাটকত । সঞ্চালক ডঃ খনিকৰে লগতে কয় যে ১১ এপ্ৰিলত জ্ঞানপীঠ বাছনি কমিটিৰ অধ্যক্ষ ডঃ প্ৰতিভা ৰয়ে কবি নীলমণি ফুকনৰ হাতত তুলি দিব এই বিৰল সন্মান ।অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা মুখ্য অতিথিৰূপে উপস্থিত থাকিব । লগতে উপস্থিত থাকিব শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা।
উল্লেখযোগ্য যে ১১ এপ্ৰিলৰ এই সম্ভ্ৰান্ত অনুষ্ঠানটোৰ সমগ্ৰ আয়োজন কৰিছে ভাৰতীয় জ্ঞানপীঠ অকাডেমীয়ে । অসম চৰকাৰে কেৱল সহযোগিতাহে আগবঢ়াইছে । প্ৰাপ্ত তথ্য মতে ১১ এপ্ৰিলত কবিয়ে নিজহাতে বঁটা গ্ৰহণ কৰিলেও স্বাস্থ্যজনিত কাৰণত তেওঁৰ লিখিত ভাষণ মঞ্চত পাঠ কৰিব তেওঁৰ পুত্ৰই ।