পৰাগ কুমাৰ দাস । সাংবাদিকতাৰ এটা উজ্জল নাম । এই নামটো যেন অসমৰ সাংবাদিকতাৰ ইতিহাসৰ এক নক্ষত্ৰ। ১৯৯৬চনৰ আজিৰ দিনটোতেই ৰাজগড় পথত অসম জাতীয় বিদ্যালয়ৰ তেতিয়াৰ স্থানত থকা ভৱনৰ পৰা নিজ পুত্ৰক হাতত ধৰি উলিয়াই অনাৰ অৱস্থাত পথত নৃশংসভাৱে গুলীয়াই হত্যা কৰা হৈছিল সাংবাদিক পৰাগ কুমাৰ দাসক । অসংখ্য লোকৰ চকুৰ সন্মুখতে নৃশংসভাৱে প্ৰখ্যাত সাংবাদিক অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক পৰাগ কুমাৰ দাসৰ এই হত্যাকাণ্ডই সমগ্ৰ বিশ্বতে জোকাৰি গৈছিল।
কিন্তু দুভাগ্যৰ কথা যে,গণমুখী সাংবাদিকতাৰ আপোচহীন কাণ্ডাৰী অসমক স্বনিৰ্ভৰশীল আৰু সুস্থ জাতীয়তাবাদী চেতনা সমৃদ্ধ ঐক্যৱদ্ধ খিলঞ্জীয়া জাতি হিচাপে প্ৰতিষ্ঠা কৰাৰ লগতে খৰ্বিত মানৱধিকাৰ প্ৰতিবাদৰ বাবে ৰাজপথ আৰু কলমেৰে যুঁজ দিয়া এইগৰাকী প্ৰখ্যাত মানৱধিকাৰ কৰ্মীৰ হত্যাকাৰীৰ কোনো বিচাৰ নহ’ল।
মঙলবাৰে অনুষ্ঠিত হয় ২৬সংখ্যক স্মৃতিচাৰণ অনুষ্ঠান।বন্তি প্ৰজ্বলনেৰে পৰাগ দাসৰ ২৬সংখ্যক স্মৰণ দিৱসৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে পৰাগ কুমাৰ দাসৰ পত্নী পূৰবী দাসে। তেওঁৰ পিছত স্মাৰক ক্ষেত্ৰত শ্ৰদ্ধা তৰ্পন কৰে ক্ৰমে- বিশিষ্ট আইনবিদ অৰূপ বৰবৰা, মাছৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা বৰ্তমানৰ সাংসদ অজিত কুমাৰ ভূঞা, প্ৰাক্তন সচিব লাচিত বৰদলৈ, একালৰ পৰাগ দাসৰ সতীৰ্থ তথা জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈ, পৰাগ দাসৰ জ্যেষ্ঠ ভগ্নী ড০ জয়শ্ৰী বৰা, ভাতৃ ডাঃ জ্যোতি দাস, খিলঞ্জীয়া সুৰক্ষা মঞ্চৰ সচিব প্ৰধান অনুপ চেতিয়া, বৰ্তমানৰ মাছৰ অধ্যক্ষ আদিত্য লহকৰ, ভাৰপ্ৰাপ্ত সচিব লক্ষী ডেকা, অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তকে ধৰি বিভিন্ন জ্যেষ্ঠ আৰু নতুন প্ৰজন্মৰ যুৱক-যুৱতী।
ইপিনে পুৱা ১১বজাৰ পৰা গুৱাহাটী প্ৰেছ ক্লাৱত বিশিষ্ট শিক্ষাবিদ, লেখক উদয়াদিত্য ভৰালীৰ সঞ্চালনাত অনুষ্ঠিত হয় পৰাগ কুমাৰ দাস বটাঁ প্ৰদান অনুষ্ঠান।
এইবাৰ উক্ত বটাঁ প্ৰদান কৰা হৈছে বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুক। তদুপৰি উক্ত সভাতে, বিগত ২৫বছৰে অনুষ্ঠিত হোৱা সদৌ অসম পৰাগ দাস সোঁৱৰণি প্ৰতিযোগিতাৰ বিষয়সমূহ আৰু এইক্ষেত্ৰত নিৰ্বাচিত প্ৰতিযোগীৰ বক্তব্য সম্পাদনা কৰা কৰি প্ৰকাশ কৰা ৫০০পৃষ্ঠাৰ এখন গ্ৰন্থও প্ৰকাশ কৰা হয়।