ভাৰতৰ ষ্টাৰ বেটছমেন কে.এল.ৰাহুলৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ পজিটিভ।
বৃহস্পতিবাৰে বেংগালুৰুৰ নেশ্যনেল ক্ৰিকেট একাডেমীত অনুষ্ঠিত ৩ নং লেভেল প্ৰশিক্ষক প্ৰমাণীকৰণ পাঠ্যক্ৰমত অংশগ্ৰহণ কৰা প্ৰাৰ্থী সকলক সম্বোধন কৰা সময়ত বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে কে.এল. ৰাহুল ক’ভিডত আক্রান্ত হোৱাৰ কথা অৱগত কৰে।
কে.এল.ৰাহুল ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ ফলত ২৯ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আগন্তুক পাঁচখন মেচৰ টি-২০ ছিৰিজৰ পৰা বেটছমেন গৰাকী বাহিৰ হোৱাৰ সম্ভাৱনা প্ৰকত হৈ পৰিছে।