ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চোৰাং চিকাৰীৰ দপ-দপনি বৃদ্ধি পাই অহাৰ সময়তে দীৰ্ঘদিন ধৰি সক্ৰিয় হৈ আছে আন্তঃৰাষ্ট্ৰীয় চোৰাং চিকাৰীৰ এটা বৃহৎ চক্ৰ । এই আন্তঃৰাষ্ট্ৰীয় চোৰাং চিকাৰীৰ চক্ৰটো দেশ–বিদেশৰ বিভিন্ন জীৱ–জন্তুৰ অবৈধ সৰবৰাহৰ লগত জড়িত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে।
আনফালে, শনিবাৰে অসম–বংগ সীমান্তৰ আলিপুৰদুৱাৰ জিলাৰ কুমাৰগ্ৰাম আৰক্ষীয়ে অভিযান চলাই ৰাষ্ট্ৰীয় ঘাইপথত অসমৰ পৰা হায়দৰাবাদ অভিমুখী ট্ৰাকৰ পৰা এটা কেংগাৰু উদ্ধাৰ কৰে। ইয়াৰোপৰি, আন্তঃৰাষ্ট্ৰীয় চোৰাং চিকাৰীৰ চক্ৰৰ লগত জড়িত দুজনক আটক কৰে। গুৱাহাটীৰ পৰা হায়দৰাবাদলৈ লৈ গৈ থকা হৈছিল কেংগাৰুটো। আৰক্ষীয়ে আতক কৰা সৰবৰাহকাৰী দুজন হৈছে হায়দৰাবাদৰ বাসিন্দা ইমৰান শ্বেখ আৰু জায়েদ শ্বেখ।
অন্ধ্র প্রদেশৰ নম্বৰ প্লেট থকা এখন খালী ট্ৰাকত ত্রিপালৰ ভিতৰত লুকুৱাই আনিছিল কেংগাৰুটো। অষ্ট্ৰেলিয়ান কেংগাৰুটো কোনে ক’ৰ পৰা গুৱাহাটীলৈ আনিছিল আৰু পিছত হায়দৰাবাদৰ পৰা ক’লৈ নিয়াৰ পৰিকল্পনা কৰিছিল তাৰ কোনো তথ্য এতিয়ালৈ লাভ কৰা হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।